বিহাৰ চৰকাৰে বাল্য বিবাহৰ বাবে গাওঁৰ মুৰব্বীক দায়ী কৰিব

Pc NDTV.com

বিহাৰ চৰকাৰে বাল্য বিবাহৰ বাবে গাওঁৰ মুৰব্বীক দায়ী কৰিব

ৰঙিলী বাৰ্ত্তাসেৱা-    বিহাৰ চৰকাৰে এক নিৰ্দেশনা জাৰি কৰি কয় যে যদি এখন গাওঁৰ পৰা বাল্য বিবাহৰ খবৰ পোৱা যায়, তেন্তে সেই গাওঁখনৰ ‘মুখিয়া’ (গাওঁৰ মুৰব্বী)ক অবৈধ কাৰ্যৰ বাবে দায়ী কৰা হ’ব। পঞ্চায়তি ৰাজ বিভাগে জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে চৰকাৰে ‘মুখিয়া’ আৰু সংশ্লিষ্ট পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলক অপসাৰণৰ বাবেও প্ৰক্ৰিয়া আৰম্ভ কৰিব।ৰাজ্যিক পঞ্চায়তি ৰাজ মন্ত্ৰী সম্ৰাট চৌধুৰীয়ে কৈছিল যে বাল্য বিবাহৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো মুখীয়াসকলৰ দায়িত্ব কিয়নো তেওঁলোকে গাওঁবোৰত বিবাহৰ প্ৰমাণপত্ৰ জাৰী কৰে।