বিষাক্ত কাঠফুলা খাই লংকাত ৭ গৰাকীলোক গুৰুতৰভাৱে অসুস্থ

Pc Time8 assam News

বিষাক্ত কাঠফুলা খাই লংকাত ৭ গৰাকীলোক গুৰুতৰভাৱে অসুস্থ

ৰঙিলী বাৰ্ত্তাসেৱা-  লংকাত খাদ্যৰ বিষক্ৰিয়াৰ ফলত প্ৰায় সাতজন লোক অসুস্থ হৈ পৰে। অসুস্থ হৈ পৰা ব্যক্তিসকল বিষাক্ত কাঠফুলা খোৱাৰ পিছত খাদ্যৰ বিষক্ৰিয়া হোৱাৰ সন্দেহ কৰা হৈছে। উক্ত ঘটনাটো জয়সাগৰৰ ৰবীন্দ্ৰ মজুমদাৰৰ ঘৰত সংঘটিত হৈছে। য’ত ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিছত মানুহকেইজন অচেতন হৈ পৰে।  ইপিনে, অসুস্থ হৈ পৰা লোককেইজনক বৰ্তমান হোজাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। লোককেইজন ক্ৰমে, বিশ্বজিৎ মজুমদাৰ, ঝৰ্ণা মজুমদাৰ, সুজন মজুমদাৰ, সুমিত্ৰা দাস, মামনি মজুমদাৰ, লক্ষী মজুমদাৰ আৰু পায়েল দাস বুলি চিনাক্ত কৰা হৈছে।