‘বিশ্ব ৰক্ত দান দিৱস’ উপলক্ষে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত ৰক্ত দান শিবিৰ

‘বিশ্ব ৰক্ত দান দিৱস’ উপলক্ষে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত ৰক্ত দান শিবিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ ছয়মাইলস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত বিশ্ব ৰক্ত দান দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ উদ্যোগত আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকৰ সহযোগত এটি ৰক্ত দান শিবিৰৰ আয়োজন কৰে৷ এই ৰক্ত দান শিবিৰৰ আৰম্ভণি অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষা ড° শিখামণি কোঁৱৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা অহা বিষয়ববীয়াসকল, ৰক্ত দানৰ কাৰণে অহা ছাত্ৰ-ছাত্ৰী আৰু উপস্থিত সকলোকে আদৰণি জনাই ‘ৰক্ত দান জীৱন দান’ সম্পৰ্কে চমু বক্তব্য আগবঢ়ায় ৷ অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহিবিদ্যালয়ৰ চিকিৎসক ড° অৰুনিমা গোস্বামী , সমাজ সেৱিকা জ্যোতিৰেখা বৰ্মনৰ লগতে বহুকেইগৰাকী বিষয়-ববীয়া উপস্থিত থাকে৷ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ তত্বাৱধায়ক তথা দৰ্শন বিভাগৰ অধ্যাপক ড° নুৰুল ইছলামৰ পৰিচালনাত প্ৰায় ১৬ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকে ৰক্ত দান কৰে ৷