বিশ্ব পৰিৱেশ দিৱস-গিৰিমা গোস্বামী

pc firstcry Parenting

বিশ্ব পৰিৱেশ দিৱস

বিশ্ব পৰিবেশ দিৱসৰ উপলক্ষে সকলোকে নমস্কাৰ জনাই বহুতো শুভকামনা জ্ঞাপন কৰিলোঁ।

১৯৭৪ চনৰ জুন মাহৰ ৫ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰত পোন প্ৰথমে “বিশ্ব পৰিবেশ দিৱস” উৎযাপন কৰা হয়। তাৰ পাছৰ পৰাই বিশ্বৰ প্ৰায় সকলো দেশে প্ৰতি বছৰে ৫জুনৰ দিনা এই দিৱস পালন কৰাৰ সিদ্ধান্ত লয়।

জনসাধাৰণৰ মাজত পৰিবেশৰ সজাগতা বৃদ্ধি কৰাই এই দিৱসৰ প্ৰধান উদ্দেশ্য।

এখন দেশৰ উন্নতি নিৰ্ভৰ কৰে সেই দেশৰ জনসাধাৰণৰ “জীৱন শৈলীৰ” ওপৰত। জীৱন শৈলী নিৰ্ভৰ কৰে চাৰিওফালৰ “পৰিবেশৰ” ওপৰত। পৰিবেশ আকৌ নিৰ্ভৰ কৰে গছ-গছনি, তৰু-লতা, গছ-বন, জীৱ-জন্তু, পশু-পক্ষী, নদ-নদীৰ ওপৰত। গতিকে দেখা যায় আমি সকলোৱেই প্ৰত্যক্ষ ভাৱেই হওঁক সকলো ওতঃপ্ৰোতঃ ভাবে জড়িত। আমি পৰিবেশ সংৰক্ষণ কৰিবই লাগিব। মাতৃভূমিৰ পৰিবেশ ৰক্ষা কৰাটো আমাৰ নৈতিক দায়িত্ব।

দেশৰ উন্নয়নৰ কাৰণে পৰিবৰ্ত্তনৰ অতিকে প্ৰয়োজন। পৰিবৰ্ত্তনৰ কাৰণেই নানান অনুষ্ঠান প্ৰতিষ্ঠানৰ স্থাপনৰো প্ৰয়োজন হয়। যাৰ ফল স্বৰূপে- গছ-গছনি কটা, জলাশয় পোতা,পাহাৰ অঞ্চল কটা আদি কাম কৰিব লগা হয়। কিন্তু এইবোৰ কৰিবলৈ যোৱাৰ আগতেই বিকল্প ব্যৱস্থাৰ চিন্তা কৰিব লাগিব আৰু সজাগ হ’ব লাগিব।

ক্ৰমবৰ্দ্ধমান জনসংখ্যা, প্ৰদূষণ, বনাঞ্চলৰ বিনষ্ট, গোলকীয় উষ্ণতা বৃদ্ধি আদিয়ে যাতে পৰিবেশৰ ক্ষতি কৰিব নোৱাৰে তাৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হৈ হাতত হাত থৈ সকলো আগবাঢ়ি আহিবলৈকে বিশ্ব পৰিবেশ দিৱসৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি প্ৰতি বছৰৰ জুন মাহৰ ৫ তাৰিখটো “বিশ্ব পৰিবেশ দিৱস” হিচাপে ঘোষণা কৰা হয়। প্ৰতি বছৰে এটা বিশেষ বিষয় লৈ এই দিৱস উৎযাপন কৰা হয়।

জীৱকুলক সকলো ফালৰ পৰা মৰমেৰে আৱৰি ৰখা বায়ু, পানী, মাটি, উদ্ভিদ কোনো প্ৰকাৰে যাতে প্ৰদূষিত হ’ব নোৱাৰে তাৰ বাবে আমি সকলো দায়বদ্ধ।

বিজ্ঞজনে কৈ গৈছে-

“জননী জন্মভূমিশ্চ
স্বৰ্গাদপি গৰীয়সী”
স্বৰ্গৰ সৌন্দৰ্য্য হেনো চকুত চাট মাৰিযোৱা অতি মনোৰম

কিন্তু…
আমাৰ জন্মভূমি, মাতৃভূমি বিশ্বখন কম ধুনীয়া নে? প্ৰকৃতিয়ে সকলো প্ৰাণীৰে প্ৰয়োজন খিনি উদাৰচিতিয়া তাৰেই প্ৰদান কৰি আছে। আমাৰ চাৰিওফালে ৰামধেনুৰ সাতো ৰঙেৰে ৰহনীয়া, সুগন্ধি ফুলেৰে সু শোভিত ধৰিণী, পক্ষী কুলৰ সুমধুৰ ধ্বনি, গছ-গছনি, নদ-নদীৰ মৃদু ঐক্যতান, জলজ প্ৰাণীৰ জলক্ৰিয়াৰে এখন মনোমোহা প্ৰতিচ্ছবি সকলোৰে আগত ভাঁহি উঠে। সেইখন প্ৰতিচ্ছবিয়েই হৈছে সকলোৰে মৰমৰ , আদৰৰ মাতৃভূমি আমাৰ পবিত্ৰ জন্মভূমি বিশ্বখন।

সুস্থ বাতাবৰণ থাকিলেহে পৃথিৱীখনক সুষ্ঠভাৱে আগবঢ়াই-
২০২২ চনৰ বিশ্ব পৰিবেশ দিৱসৰ বিষয়- “মাত্ৰ এখন পৃথিৱী” ক সন্মান সহকাৰে আদৰিব পাৰিম।
কবি সাহিত্যিক স্বৰ্গীয় লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ কবিতা-

“অ, মোৰ আপোনাৰ দেশ
অ, মোৰ চিকুণী
এনেখন শুৱলা, এনেখন সুফলা
এনেখন মৰমৰ দেশ”

কবিতাৰ আৰ্হিত এখন মৰমৰ পৃথিৱী গঢ়াৰ উদ্দেশ্য আগত ৰাখি-
আঁহক আমি বিশ্বৰ সকলো মিলিজুলি এখনি চিকুণী, শুৱলা, সুফলা বিশ্বৰ দিশে আগবাঢ়ি যাওঁ। পৰিবেশ প্ৰদূষণ কৰিব পৰা সকলো মাধ্যমৰ পৰা বিৰত থাকি এই পবিত্ৰ দিনটোত নিজৰ ঘৰতেই হওঁক বা কোনো ৰাজহুৱা স্থানতেই হওঁক অন্ততঃ এজোপাকৈ বৃক্ষ ৰোপণৰ সংকল্প লৈ, বিশ্ববাসীক ৰক্ষা কৰাৰ দায়িত্ব কান্ধ পাতি সজাগতাৰ বাণী চাৰিও দিশে বিলাই দিওঁ।

গিৰিমা গোস্বামী,
গুৱাহাটী