বিশ্ব ধনাঢ্য় ব্যক্তিসকলৰ মহাকাশ ভ্রমণৰ দৌৰাত্মক লৈ তীব্র প্রতিক্রিয়া ৰাজকুমাৰ উইলিয়ামৰ

pc Reuters

বিশ্ব ধনাঢ্য় ব্যক্তিসকলৰ মহাকাশ ভ্রমণৰ দৌৰাত্মক লৈ তীব্র প্রতিক্রিয়া ৰাজকুমাৰ উইলিয়ামৰ

ৰঙিলী বাৰ্ত্তাসেৱা – মহাকাশ ভ্ৰমণৰ পূৰ্বে পৃথিৱীখন ৰক্ষা কৰক। মহাকাশ কোম্পানীৰ জৰিয়তে ষ্টাৰ ট্ৰেকৰ অভিনেতা উইলিয়াম ছাটনাৰে বিশ্বৰ সবাতোকৈ বয়সীয়া ব্যক্তি হিচাপে মহাকাশ ভ্ৰমণৰ অভিলেখ গঢ়ে। ইয়াৰ পিছতেই বিবিচিৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰাজকুমাৰ উইলিয়ামে মহাকাশ ভ্রমণক লৈ অসন্তুষ্টি ব্যক্ত কৰাই নহয়, তীব্র প্রতিক্রিয়া প্রকাশ কৰে। ৰাজকুমাৰ উইলিয়ামে উল্লেখ কৰি কয় যে ধনাঢ্য ব্যক্তিসকলে মহাকাশ ভ্রমণ তথা মহাকাশ পৰ্যটনক লৈ ধন বিনিয়োগ কৰাৰ পূৰ্বে পৃথিৱীৰ সন্মুখত দেখা দিয়া সমস্যাসমূহে সমাধান কৰাত গুৰুত্ব দিব লাগে। অর্থাৎ মহাকাশ ভ্ৰমণৰ পূৰ্বে পৃথিৱীখন ৰক্ষা কৰাতহে তেওঁলোকে অধিক প্রাধান্য দিয়াটো উচিত। ৰাজকুমাৰ উইলিয়ামে সাক্ষাৎকাৰত পুনৰ কয় যে পৃথিৱীখনৰ বিধ্বস্ত হৈ যোৱা কাৰকসমূহ মেৰামতিৰ বাবে চেষ্টা কৰাৰ বাবে সম্প্রতি বিশ্বৰ তীক্ষ্ণধী মগজু আৰু মনৰ প্ৰয়োজন আছে। তেনে লোকে পৰৱৰ্তী ক’লৈ গৈ বসবাস কৰিব তাৰ চিন্তাতহে আছে।