বিশ্ব গ্ৰাহক অধিকাৰ দিৱস উদ্‌যাপন

বিশ্ব গ্ৰাহক অধিকাৰ দিৱস উদ্‌যাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  গ্ৰাহক সুৰক্ষা সংস্থাৰ উদ্যোগত আৰু দক্ষিণ হেঙেৰাবাৰী আঞ্চলিক উন্নয়ন সমিতিৰ সহযোগত স্বৰাজ নগৰত ‘বিশ্ব গ্ৰাহক অধিকাৰ দিৱস’ উদ্‌যাপন কৰা হয়৷সংস্থাৰ সভাপতি ড° বীৰেন্দ্ৰ কুমাৰ দাসৰ পৌৰোহিত্যত অনুষ্ঠিত গ্ৰাহক সজাগতামূলক ৰাজহুৱা সভাত জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত, বিশিষ্ট লেখক মাইনী মহন্ত,সম্পাদক বাবুল চৌধুৰী,দক্ষিণ হেঙেৰাবাৰী আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি ৰবীন শইকীয়া,সম্পাদক প্ৰাঞ্জল কুমাৰ গগৈয়ে গ্ৰাহক সুৰক্ষাৰ ওপৰত বিশদভাৱে আলোকপাত কৰে৷সংস্থাৰ উপদেষ্টা লিলি দাস,উপ সভাপতি উমাকান্ত কলিতা,সমজুৱা পিতাম্বৰ তালুকদাৰ,ভূপেন কলিতা,পাৰ্থ প্ৰতিম দত্তই ভাষণ দিয়ে৷সভাত সংস্হাৰ মুখপত্ৰ ‘গ্ৰাহক বাৰ্তা’ৰ দ্বাদশ সংখ্যাটি উন্মোচন কৰে প্ৰকাশ মহন্তই৷মহন্তই ভাষণত কয়- গ্ৰাহক সকলক পদে পদে ব্যক্তিগত আৰু ঐক্যবদ্ধভাৱে অন্যায় শোষণৰ বিৰোধিতা কৰিবলৈ প্ৰাসংগিক গ্ৰাহক আইন তথা গ্ৰাহক সুৰক্ষা সংস্হাৰ দৰে সংগঠনক শক্তিশালী কৰিলেহে “বিশ্ব গ্ৰাহক অধিকাৰ দিৱস’ পালন কৰাৰ যথাৰ্থতা প্ৰকাশ পাব৷শলাগৰ শৰাই আগবঢ়াই নিভা শইকীয়াই৷