বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিলে চৰাইদেউ মৈদামে

বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিলে চৰাইদেউ মৈদামে

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ বাবে এক ঐতিহাসিক দিন।অসম তথা ৰাজ্যবাসীৰ বাবে আজিৰ দিনটো ঐতিহাসিক দিন হিচাপে চিহ্নিত হৈ ৰ’ব ইতিহাসৰ পাতত। চৰাইদেউ মৈদামে লাভ কৰিলে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি। দিল্লীত অনুষ্ঠিত  ইউনেস্কৰ বৈঠকত আনুষ্ঠানিকভাৱে ইউনেস্ক’ই প্ৰদান কৰিলে এই স্বীকৃতি।ৰাজ্যৰ তৃতীয়টো বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে পৰিগণিত হ’ল চৰাইদেউ মৈদাম। কাজিৰঙা, মানাহৰ পিছত চৰাইদেউ মৈদামে পালে এই বিৰল স্বীকৃতি। অসমৰ তৃতীয় আৰু ভাৰতৰ ৪৩সংখ্যক ঐতিহ্যক্ষেত্ৰ ৰূপে পৰিগণিত হ’ল চৰাইদেউ মৈদাম। আহোমৰ ৬০০বছৰীয়া ৰাজত্বকালৰ গৌৰৱোজ্জ্বল চানেকি চৰাইদেউ মৈদামৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্তিয়ে ৰাজ্যবাসীৰ মনত আনন্দৰ লহৰ তুলিছে ৷ এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০১৪ চনত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্যক্ষেত্ৰৰ বাবে মনোনীত হৈছিল। আহোম জনগোষ্ঠীয় বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষৰ লগতে ৰাজ্যৰ বিভিন্ন মহলে কেবাদশক কাল ধৰি  ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্যথলী হিচাপে ইউনেস্কৰ দ্বাৰা চিনাক্ত কৰোৱাৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল।ইয়াৰ পাছৰে পৰা সুদীৰ্ঘ এটা দশকৰ অন্তত চৰাইদেউ মৈদামে পালে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি। সম্প্ৰতি প্ৰায় ৯০টা মৈদাম আছে চৰাইদেউ মৈদামত।  স্বীকৃতি প্ৰদানৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে অসমবাসীক জনাইছিল,চৰাইদেউ মৈদামলৈ ইউনেস্ক’ৰ স্বীকৃতি অসমৰ জনসাধাৰণৰ বাবে এক মাইলৰ খুটি হ’ব। আমি আনুষ্ঠানিক ঘোষণাৰ বাবে অপেক্ষা কৰিছো। এই স্মৰণীয় মুহূৰ্ত প্ৰত্যক্ষ কৰিবলৈ আমি একত্ৰিত হওঁ আহক, একেলগে উদযাপন কৰো আহক আমাৰ সমৃদ্ধ ঐতিহ্য আৰু গৌৰৱ।আৰু প্ৰত্যাশিতভাৱেই আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা ৱৰ্ল্ড হেৰিটেজ কমিটীৰ বৈঠকত আনুষ্ঠানিকভাৱে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়।