বিশ্ব এইডছ দিৱস, ২০২৩ঃ আমাৰ দায়িত্ব- ডা০ যুতিকা ওজা

Pc Elite Hospital Kingwood

বিশ্ব এইডছ দিৱস, ২০২৩ঃ আমাৰ দায়িত্ব

বৰ্তমানেও সমগ্ৰ পৃথিৱীতে HIV/AIDS  ৰ ভয়াবহতাৰ চিত্ৰ বিদ্যমান। ১৯৮১ চনত প্ৰথমবাৰৰ বাবে আমেৰিকাত ধৰা পৰা এই ৰোগ অতি কম সময়তে পৃথিৱীৰ প্ৰায় সকলো দেশলৈ সম্প্ৰসাৰিত হ’ল। এইডছ হৈছে মানৱ ইমিউন’ ডেফিচিয়েন্সি ভাইৰাছ (HIV) ফলত হোৱা ৰোগ। এই ভাইৰাছে ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক আক্ৰমণ কৰি ৰোগীগৰাকীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে ফলত নিৰোগীজনৰ তুলনাত তেওঁলোকে সহজেই ৰোগৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে।

সমগ্ৰ পৃথিৱীত বৰ্তমান ৩৯ মিলিয়নতকৈও অধিক HIV আক্ৰান্ত লোক আছে। বিশ্বস্বাস্থ্য সংস্থাৰ সমীক্ষামতে বিগত বৰ্ষত ১.৩ মিলিয়ন লোকে নতুনকৈ এই ৰোগত আক্ৰান্ত হৈছিল আৰু প্ৰায় ৬.৩ লাখ লোক এই ৰোগত মৃত্যু হৈছিল।

ভাৰতত ১৯৮৬ চনত ভেলোৰত পোন প্ৰথমবাৰৰ বাবে এইডছ ৰোগী ধৰা পৰে আৰু অতি সোনকালে ভাৰতৰ প্ৰায় সকলো প্ৰান্ততে এই ৰোগ দেখা দিয়ে। এইচ আই ভি/ এইডছ মহামাৰীৰ ক্ষেত্ৰত ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহত্তম দেশ হিচাপে পৰিগণিত হৈছে। ভাৰতবৰ্ষত ২০২১ চনত ২.৪ মিলিয়ন মানুহ HIV ত আক্ৰান্ত হৈ আছে আৰু ৬৩০০০ মানুহ নতুনকৈ আক্ৰান্ত হৈছে। ভাৰতবৰ্ষত এইডছ সম্পৰ্কীয় মৃত্যু (Aids related death) ৪২,০০০ আৰু ৬৫ শতাংশ আক্ৰান্ত মানুহে Antiretroviral চিকৎসা লৈ আছে। ভাৰতবৰ্ষত তামিলনাডু আৰু মহাৰাষ্ট্ৰত এই ৰোগ মহামাৰী ৰূপে আছে।

এইডছ ৰোগৰ এই ভয়াবহতাৰ বিষয়ে উপলব্ধি কৰি ১৯৮৭ চনত বিশ্বস্বাস্থ্য সংস্থাই মানুহৰ সজাগতাৰ বাবে এইডছ দিৱসৰ কল্পনা কৰিছিল আৰু তাৰ ফলস্বৰূপে ১৯৮৮ চনৰ পৰা প্ৰতি বছৰে ডিচেম্বৰৰ ১ তাৰিখে বিশ্ব এইডছ দিৱস পালন কৰি আহিছে। এই দিৱস পালনৰ যোগেদি মানুহৰ মাজত HIV/AIDS সম্পৰ্কে মানুহৰ মাজত সজাগতা বৃদ্ধি আৰু এই দিনটোৱে HIV/AIDS ৰ বিৰুদ্ধে চলি থকা বিশ্বযুদ্ধখনৰ বিষয়ে পুনৰ মনত পেলায়। এই দিৱসেৰে বিশ্বজুৰি লোকসকলক এই ৰোগৰ বিৰুদ্ধে চলি থকা যুজত একত্ৰিত হোৱাৰ সুযোগ দিয়ে। আজিও AIDS ৰোগৰ প্ৰাসংগিকতা আছে আৰু এইডছ ৰোগীৰ মাজত থকা বৈষম্যৰ অন্ত পেলাবলৈ আৰু এই ৰোগৰ দ্বাৰা আক্ৰান্ত সকলৰ জীৱনৰ মান উন্নত কৰাৰ বাবে প্ৰয়োজনীয়তা আছে। এই দিৱসে এইডছ আৰু এইডছ সম্পৰ্কীয় ৰোগৰ দ্বাৰা প্ৰাণ হেৰুওৱা লোকসকলক স্মৰণ কৰাৰো অৱকাশ দিছে।

প্ৰতিবছৰে পাতি অহা এই বিশ্ব এইডছ দিৱসত একো একোটা বিষয় বস্তু বাছি লোৱা হয় আৰু সেই বছৰটোত তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।  এই দিৱস পালনৰ দ্বাৰা বিশ্ব সংহতিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। যিহেতু এই ৰোগ এক মাহামীৰী ৰূপে বিশ্বৰ সকলো প্ৰান্ততে বিয়পি আছে, সেয়ে এই ৰোগৰ ফলত হোৱা প্ৰত্যাহ্বান সমূহৰ মোকাবিলা কৰিবলৈ বিশ্বজুৰি সকলোৰে সহযোগিতাৰ অতি প্ৰয়োজন। বিশ্বত এইডছ ৰোগ অন্ত পেলাবলৈ সম্প্ৰদায় সমূহ আগবাঢ়ি অহাতো অতি জৰুৰী। এইডছৰ দ্বাৰা আক্ৰান্ত সম্প্ৰদায়ৰ সংগঠনসমূহ আৰু HIV/AIDS ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত সম্প্ৰদায় সমূহেও এইডছ নিৰ্মূল কৰণত আগভাগ লোৱাটো প্ৰয়োজন।

ব্যক্তিকেন্দ্ৰিক জনস্বাস্থ্য সেৱাৰ সৈতে মানুহক সংযোগ কৰি মানুহৰ মাজত থকা জটিলতা সমূহ দূৰ কৰাটো দৰকাৰ। এইবাৰৰ বিশ্ব এইডছ দিৱসৰ Theme টো হ’ল “সম্প্ৰদায়সমূহক নেতৃত্ব দিয়ক”- “Let Communities lead”.

যিহেতু এই ৰোগৰ লগত মোকাবিলা কৰিবলৈ এইৰোগৰ সংক্ৰমণৰ দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি সেইবোৰ প্ৰতিৰোধ কৰাটো দৰকাৰ। এইৰোগৰ এক জটিল পদক্ষেপ হৈছে প্ৰতিৰোধ। সেইবাবে নিৰাপদ যৌন পদ্ধতিক প্ৰসাৰিত কৰা আৰু HIV সম্বন্ধে সকলো তথ্য,আগতীয়া প্ৰতিৰোধৰ ব্যৱস্থা (pre- exposure prophylaxis) আৰু নতুন সংক্ৰমণ হ্ৰাস কৰাত আগভাগ লোৱা প্ৰয়োজন বৰ্তমান এণ্টি ৰেট্ৰ’ভাইৰেল থেৰাপীৰ সুবিধাই এই ৰোগক এসময়ত চিহ্নিত এক ভয়াবহ মাৰাত্মক ৰোগৰ পৰা বৰ্তমান যথোপযুক্ত ঔষধৰ দ্বাৰা জীৱনযোৰা (দীৰ্ঘদিনীয়া) চিকিৎসাৰ ব্যৱস্থা হৈছে। এই Anti Retroviral Therapy সা্বজনীন কৰাৰ পোষকতাৰ দ্বাৰাও এই ৰোগৰ লগত মোকাবিলা কৰাৰ অৱকাশ আছে।

মানুহৰ মাজত HIV/AIDS ৰ প্ৰতি থকা ভ্ৰান্ত ধাৰণা, অস্পৃশ্য বুলি ভবা আদিৰ বাবে তেওঁলোকৰ লগত মিলামিছা নকৰে আৰু ই এতিয়াও চিকিৎসাৰ ক্ষেত্ৰত এক বাধাৰূপে দেখা দি আছে। যাৰফলত এতিয়াও বহুতো আক্ৰান্ত লোক উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে আৰু বহুতে চিকিৎসা লবলৈ আগবাঢ়ি অহা নাই আৰু বহুতৰ ক্ষেত্ৰত সমাজেও  হেঙাৰ হিচাপে থিয় দিছে।

সম্প্ৰদায়সমূহৰ নেতৃত্বৰ ভূমিকাত থকা বাধাসমূহ আতৰাই তেওঁলোকৰ ভূমিকাক সহজ কৰি তোলাৰ লগতে HIV ৰ সকলো পৰিকল্পনা কাৰ্য্যসূচী আৰু সকলো কাৰ্য্যকলাপৰ মূল্যায়নত সম্প্ৰদায় সমূহে এক উল্লেখযোগ্য ভূমিকা ল’ব পাৰে।

কোনো এক পৰিবৰ্তন এটা মূহুৰ্তৰ ওপৰত নহয়, এক আন্দোলনৰ ওপৰত নিৰ্ভৰশীল। গতিকে চৰকাৰৰ লগতে বিভিন্ন সংস্থা সমূহে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি AIDS নিৰ্মূলৰ বাবে এক জনমূখী আন্দোলন গঢ় দি এক সুস্থ আৰু সমতাপূৰ্ণ পৃথিৱী সৃষ্টি কৰাত অৰিহনা যোগাব পাৰে।

ডা০ যুতিকা ওজা
মুৰব্বী অধ্যাপিকা
কমিউনিটি মেডিচিন বিভাগ
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়