এক ঐতিহাসিক পদক্ষেপত, বিশ্বৰ প্ৰথমটো “আনুবংশিকভাৱে সংশোধিত” (genetically modified) ৰবৰ প্ৰকল্পটো মঙলবাৰে গুৱাহাটীৰ সমিপত ৰবৰ ব’ৰ্ডৰ অধ্যক্ষ আৰু কাৰ্যবাহী সঞ্চালক কে.এন. ৰাঘৱনে ৰোপণ কৰে।
গুৱাহাটীৰ সমিপৰ ৰবৰ বোৰ্ডৰ সৰুতাৰী গৱেষণা ফাৰ্মত ৰোপণ কৰা “জি.এম.”(genetically modified) ৰবৰ প্ৰকল্পটো কেৰালাস্থিত ৰবৰ গৱেষণা প্ৰতিষ্ঠান অৱ ইণ্ডিয়াত (আৰ.আৰ.আই.আই.) ইয়াৰ জৈৱ প্ৰযুক্তি গৱেষণাগাৰত দীঘলীয়া সময়ৰ গৱেষণাৰ জৰিয়তে বিকশিত কৰা হৈছিল।