বিশ্বৰ পঞ্চম ধনাঢ্য ব্যক্তি  হিচাপে গৌতম আদানিয়ে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম

PC -AAJ TAK

বিশ্বৰ পঞ্চম ধনাঢ্য ব্যক্তি  হিচাপে গৌতম আদানিয়ে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম

ৰঙিলী বাৰ্ত্তাসেৱা – ফ’ৰ্বছৰ তথ্য মতে বিশ্বৰ পঞ্চম ধনাঢ্য ব্যক্তি  হিচাপে গৌতম আদানিয়ে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।  কিছুদিন পূর্বে ফ’র্বছে প্ৰকাশ কৰা তালিকাত বিশ্বৰ একাদশ ধনাঢ্য ব্যক্তি হিচাপে তালিকাভুক্ত হোৱা গৌতম আদানিয়ে ফ’ৰ্বছৰ নতুন  তথ্যত ১২৩.২ বিলিয়ন মার্কিন ডলাৰেৰে পঞ্চম ধনাঢ্য ব্যক্তি হিচাপে স্বীকৃত হৈছে।পঞ্চম স্থানত থকা বালষ্টিট বিনিয়োগকাৰী বাৰেন বাফেটৰ ১২১.৭ বিলিয়ন মার্কিন ডলাৰৰ সম্পত্তিৰ পৰিমাণক অতিক্ৰম কৰি ফ’বছ ৰিয়েল টাইম বিলিয়নৰ তালিকাত ১২৩.২ বিলিয়ন মার্কিন ডলাবেৰে পঞ্চম স্থান দখল কৰিছে গৌতম আদানিয়ে। কয়লাৰ পৰা শক্তি, বিমানবন্দৰৰ পৰা জাহাজ বন্দৰৰ ব্যৱসায়েৰে প্রতিদিনেই সম্পত্তিৰ পৰিমাণ বৃদ্ধি কৰা গৌতম আদানিয়ে ভাৰতৰ ধনাঢ্য ব্যক্তি মুকেশ আম্বানিক অতিক্ৰম কৰি সম্প্ৰতি ফ’ৰ্বছৰ বিলিয়নাবৰ তালকাত শীর্ষ দহৰ ভিতৰত স্থান পাইছে।