বিশ্বাস — জয়া দেৱী,গোলাঘাট জিলা

pc-IMFblog

বিশ্বাস…..

বৰ কঠিন জানানে কাৰোবাক বিশ্বাস কৰাটো
নাই এবাৰ কৰি চাওঁ চোন ….
মনটোৱে কয় … কিন্তু নাজানো কিয় বাৰে বাৰে সেই বিশ্বাস হেৰাই যায়…..
তোমাক লগ পোৱাৰ দিনৰেই পৰা বুকুত এহেজাৰ সপোন আৰু বিশ্বাস লৈ ফুৰিছিলো জানানে!
কিন্তু তুমি যিদিনা মোক এলাগী কৰিলা … এই শব্দটো মই মোৰ মনৰ ডায়েৰীৰ পৃষ্ঠাৰ পৰা একেবাৰে মচি পেলালো …..
এতিয়া তাৰ কোনো চিন -চাপ নাই
কিয় আহিছিলা তুমি মোৰ জীৱনলৈ হা?
এনেকৈ কন্দুৱাই মোক এৰি যাবলৈ …..
নে কোনো প্ৰতিশোধৰ প্ৰত্যুত্তৰ দিবলৈ ….
আজিওঁ ভাৱো সেই কথা ….‌
আৰু সেয়ে চাগে কেতিয়াওঁ কাকো বিশ্বাসত ল’ব নোৱাৰো…………
………………………………..
নাম:জয়া দেৱী।
ঠিকনা: বৰুৱা বামুন গাঁও, গোলাঘাট জিলা, অসম।
ফোন নম্বৰ:৭০৯৯৩০৬০৮৪