বিশ্বযজ্ঞত আত্মাহুতিৰে—বিশ্বকৰ্মা –  মীনাক্ষী ৰায় ডাকুৱা

বিশ্বযজ্ঞত আত্মাহুতিৰে—বিশ্বকৰ্মা 

(বিশ্বকৰ্মা পূজা উপলক্ষে)

 

                               মীনাক্ষী ৰায় ডাকুৱা, গোলকগঞ্জ, ধুবুৰী 

শিল্পনিৰ্মাণৰ লগত জড়িত হৈ আছে বিশ্বকৰ্মা । বিশ্বকৰ্মা কেৱল নিজেই স্ৰষ্টা বা শিল্পী নহয়, সমগ্ৰ শিল্পীসত্বা বা শিল্পীসমাজৰ কাৰিকৰ বা জন্মদাতা । তেওঁ বিশ্বস্ৰষ্টা ব্ৰহ্মাৰ পুত্ৰ । মানৱ সমাজৰ শিল্পজীৱী—মালাকাৰ, কাংসকাৰ বা কঁহাৰ, শংখকাৰ বা শাঁখাৰী, সূত্ৰধৰ বা কাঠমিস্ত্ৰী, কুবিন্দক বা বয়নশিল্পী, কৰ্মকাৰ বা কমাৰ, কুম্ভকাৰ বা কুমাৰ, স্বৰ্ণকাৰ বা সোণাৰি, চিত্ৰকাৰ এই নটি সম্প্ৰদায় বিশ্বকৰ্মাৰ ঔৰসত শাপভ্ৰষ্টা দেৱ-নৰ্তকী ঘৃতাচীৰ গৰ্ভত জন্মগ্ৰহণ কৰে । তেওঁ নিজৰ এই সন্তানসকলক জীৱিকা অৰ্জনত পাৰদৰ্শী কৰি তোলাৰ বাবে বিভিন্ন শিল্পকলা যেনে—মালাকাৰক পুষ্পশিল্প, কাংসকাৰক কাঁহ শিল্প, শংখকাৰক শংখ বা শাঁখাশিল্প, সূত্ৰধৰক দাৰু বা কাঠশিল্প, কুবিন্দৰক বয়নশিল্প, কৰ্মকাৰক লৌহশিল্প, কুম্ভকাৰক মৃৎ শিল্প, স্বৰ্ণকাৰক অলঙ্কাৰশিল্প আৰু চিত্ৰকৰক অঙ্কনশিল্পত সুশিক্ষা দিয়ে আৰু জগতত বেলেগ বেলেগ সম্প্ৰদায়ৰূপে প্ৰতিষ্ঠিত কৰে । সেয়ে বিশ্বকৰ্মাক আদি বুলি জানি বিভিন্ন শিল্পীগোষ্ঠীয়ে নিজৰ শিল্প-প্ৰতিষ্ঠানত আৰাধ্য হিচাবে পূজা কৰি আহিছে ।

 

কৰ্ম আৰু যন্ত্ৰৰ দেৱতা বিশ্বকৰ্মা পূজিত হয় প্ৰতিবছৰ ভাদমাহৰ সংক্ৰান্তিত । ভাদৰ সংক্ৰান্তিত তেওঁৰ পূজাৰ কথা বৃহৎ-সংহিতাত পোৱা যায় । “গ্ৰীষ্মান্তৰ যি সূৰ্য মেঘ ৰচনা কৰি বৰ্ষণৰ মাধ্যমেৰে বিশ্বৰ কৰ্ম সংৰক্ষণ কৰে, তেৱেঁই হ’ল বিশ্বকৰ্মা ।” অৰ্থাৎ ভাদৰ শেষত বৰ্ষাৰ অন্তত কৃষি-কৰ্মৰ পূৰ্ণতা হ’লে ফচলৰ বাবে প্ৰতীক্ষা আৰম্ভ হয় । সেয়ে সেই কৰ্মবিৰতিত, ভাদমাহৰ সংক্ৰান্তিত বিশ্বকৰ্মাক পূজা কৰি কৃতজ্ঞতা নিবেদন কৰা হয় । গতিকে বিশ্বকৰ্মা এসময়ত অকল শ্ৰমিকৰ নহয়, কৃষকৰো উপাস্য দেৱতা আছিল । বিশ্বৰ সমস্ত কৰ্ম-কাণ্ড বজাই ৰাখিবলৈ প্ৰাথমিক প্ৰয়োজন হ’ল মানুহৰ ক্ষুধা নিবৃত্তি । ক্ষুন্নিবৃত্তি নিবাৰণৰ বাবে প্ৰয়োজন কৃষিকৰ্ম । সেয়ে প্ৰাচীনকালৰ পৰা বৰ্তমানলৈকে কৃষিকৰ্ম‌ই শ্ৰেষ্ঠ কৰ্ম বুলি বিবেচিত । এই কৃষিকৰ্মক যিজনে সংৰক্ষণ কৰে তেৱেঁই বিশ্বকৰ্মা । সেয়ে তেওঁৰ পূজা সম্পন্ন হয় ভাদমাহৰ সংক্ৰান্তিত ।

 

বেদত বিশ্বকৰ্মা মুখ্যত বিশ্বস্ৰষ্টা হ’লেও পুৰাণত তেওঁ “দেৱানাং কাৰ্যসাধক” বা দেৱতাসকলৰ শিল্পকাৰ্যসাধক । দেৱশিল্পীৰ ভূমিকাত তেওঁ “কৰ্তা-শিল্প-সহস্ৰাণাম”—অৰ্থাৎ তেওঁ সহস্ৰ শিল্পৰ অধিকৰ্তা । দেৱতাসকলৰ শিল্পকাৰ্যত সহযোগিতাৰ বাবে তেওঁ নিজৰ সন্তান ত্বষ্টাক নিযুক্ত ৰাখে—সেই কাহিনী বিষ্ণুপুৰাণত আছে যদিও ত্বষ্টাৰ নামোল্লেখ ঋগ্বেদতো আছে । বিশ্বকৰ্মা অকল শিল্প সৃষ্টিকৰ্তা মহাশিল্পীয়েই নহয়, তেওঁ একাধাৰে মহাবীৰ, দয়াদি অষ্টগুণযুক্ত, বৰ্মধাৰী মহাযোদ্ধা । তেওঁৰ চাৰিত্ৰিক সৌন্দৰ্য মুগ্ধকৰ । তেওঁ সৰ্ব-অভীষ্ট প্ৰদানকাৰী, কাৰুকাৰ্যসাধক ।

 

বিশ্বকৰ্মাৰ ধ্যানমন্ত্ৰ হ’ল—”দংশপাল মহাবীৰ সুচিত্ৰ কৰ্মকাৰ ।/ বিশ্বকৃৎবিশ্বধৃক তঞ্চ বাসনামানদণ্ডধৃক ।। ওঁ বিশ্বকৰ্মণে নম ।” বিশ্বকৰ্মাৰ প্ৰণামমন্ত্ৰত কোৱা হৈছে ঃ “দেৱশিল্পী মহাভাগ দেৱানাং কাৰ্যসাধক । বিশ্বকৰ্মন্নমস্তুভ্যং সৰ্বাভীষ্টপ্ৰদায়ক ।।” বিশ্বকৰ্মা ধাতা অৰ্থাৎ সৃষ্টিকৰ্তা, আনহাতে বিধাতা অৰ্থাৎ পালনকৰ্তা । আকৌ তেওঁ পৰম বা সৰ্বশ্ৰেষ্ঠ । সংদৃক বা সৰ্বদ্ৰষ্টা, একম্‌ অৰ্থাৎ এক বা অদ্বিতীয়, বিমনা অৰ্থাৎ বৃহম্মনা বা সমষ্টিমনা । বিশ্বকৰ্মাৰ চকু, মুখ, বাহু, পাদ— সৰ্বত্ৰ আৰু সৰ্বদিশত, সেয়ে তেওঁ বিশ্বতশ্চক্ষু, বিশ্বতোমুখ, বিশ্বতোবাহু, বিশ্বতাস্পাৎ । “স্বয়ং যজস্ব তন্বং বৃধান ।”—অৰ্থাৎ যিজনে বিশ্বযজ্ঞত নিজকে আহুতি দিয়ে, তেৱেঁই বিশ্বকৰ্মা । গতিকে বিশ্বকৰ্মা হ’ল এনে এক দেৱতা যিজনে বিশ্বৰ কল্যাণময় কাৰ্যত নিজকে সম্পূৰ্ণৰূপে নিয়োজিত ৰাখে ।

 

বেদত বিশ্বকৰ্মাক অজাত বা সনাতন পুৰুষৰূপে বৰ্ণনা কৰা হ’লেও পুৰাণত কোৱা হৈছে তেওঁৰ জন্ম ব্ৰহ্মাৰ নাভিদেশৰ পৰা । কাৰো কাৰো মতে বিশ্বকৰ্মা অষ্টবসুৰ অন্যতম প্ৰভাসৰ ঔৰসত বৃহস্পতিৰ ভগ্নী বৰবৰ্ণিনীৰ গৰ্ভত জন্মগ্ৰহণ কৰে । ব্ৰহ্মা আৰু বিশ্বকৰ্মা হ’ল সৃষ্টিৰ দুটা দিশৰ জাগতিক প্ৰকাশ । যিকোনো সৃষ্টিৰ মূলত দুটা শক্তি ক্ৰিয়াশীল—এটা মননশক্তি, আনটো কৰ্মশক্তি । মননশক্তিৰে পৰিকল্পনা স্থিৰ কৰি সেই পৰিকল্পনাক বাস্তৱ ৰূপায়ণ ঘটোৱা হয় কৰ্মশক্তিৰ দ্বাৰা । একেই বিধাতাৰ মনন বা চিন্তা বা জ্ঞানৰ দ্বাৰা সৃষ্টিৰ বহিঃপ্ৰকাশ ঘটে ব্ৰহ্মাৰ দ্বাৰা আৰু বিধাতাই সৃষ্টি পৰিকল্পনা সুচিন্তিতৰূপে কৰ্মত ৰূপায়িত কৰে বিশ্বকৰ্মাৰ ৰূপত । এজন যদি কাৰণ হয়, আনজন তাৰ কাৰ্য ।

 

সৃষ্টিৰ আদিযুগৰ পৰা বিভিন্ন যুগত বিশ্বকৰ্মা বিৰচিত শিল্প আৰু ভাস্কৰ্যৰ অনিন্দ্যসুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা যায় । দেৱশিল্পী বিশ্বকৰ্মা ৰচনা কৰে ইন্দ্ৰৰ স্বৰ্গৰাজ্যৰ ৰাজধানী ইন্দ্ৰপুৰী । ত্ৰেতাযুগত দেখা যায় দেৱাদিদেৱ মহাদেৱৰ অনুৰোধত তেওঁৰ ভক্ত ৰাৱণৰ বাবে বিশ্বকৰ্মাই তৈয়াৰ কৰে স্বৰ্ণলঙ্কা । কাৰো কাৰো মতে স্বৰ্ণলঙ্কা তৈয়াৰ কৰিছিল দৈত্যশিল্পী ময়দানৱ । ময়দানৱ আছিল স্বয়ং বিশ্বকৰ্মাৰ পুত্ৰ । হয় তেওঁ পুত্ৰক লগত লৈ স্বৰ্ণলঙ্কা নিৰ্মাণ কৰিছিল অথবা স্বৰ্ণলঙ্কা তৈয়াৰীৰ বাবে সুযোগ্য পুত্ৰৰ হাতত দায়িত্বভাৰ অৰ্পণ কৰিছিল । দ্বাপৰযুগত শ্ৰীকৃষ্ণই নিজৰ ৰাজধানী মথুৰানগৰীক জৰাসন্ধৰ হাতত অৰক্ষিত বুলি বিবেচনা কৰি সাগৰতীৰত নতুন ৰাজধানী দ্বাৰকানগৰী নিৰ্মাণৰ দায়িত্বভাৰ বিশ্বকৰ্মাৰ ওপৰত অৰ্পণ কৰে । নগৰ পৰিকল্পনাত দ্বাৰাৱতী অঞ্চলটো অপ্ৰশস্ত হোৱা বাবে সাগৰৰ পানী আঁতৰাই স্থলত পৰিণত কৰা হৈছিল । দ্বাৰকানগৰী ইমানেই সুদৃশ্য শিল্পসুষমামণ্ডিত হৈছিল যে, সেয়া দেৱৰাজ ইন্দ্ৰৰ ঈৰ্ষাৰ কাৰণ হৈ উঠে । তাৰোপৰি ধনপতি কুবেৰৰ বাবে নিৰ্মাণ কৰে তুলনাবিহীন অলকাপুৰী । মহামুনি অগস্ত্যৰ বাবে কুঞ্জৰ পৰ্বতত নিৰ্মাণ কৰে অগস্ত্যভৱন । অকল বাস্তুবিদ্যাই নহয়, সেতু নিৰ্মাণতো বিশ্বকৰ্মা আছিল সিদ্ধহস্ত । তৰঙ্গবিক্ষুব্ধ মহাসাগৰো তেওঁৰ ওচৰত হাৰ মানিছিল । সীতা উদ্ধাৰৰ বাসনাত ৰামচন্দ্ৰ যেতিয়া বান্দৰসেনাক লৈ সেতুবন্ধন ৰচনাত প্ৰবৃত্ত হয় তেতিয়া বিশ্বকৰ্মাই তেওঁক সৰ্বতোপ্ৰকাৰে সাহায্য কৰে । আচলতে বান্দৰসেনাৰ অন্যতম সেনাপতি নল আছিল স্বয়ং বিশ্বকৰ্মাৰ পুত্ৰ আৰু সেতু নিৰ্মাণৰ প্ৰধান কাৰিকৰ ।

 

বাস্তুবিজ্ঞানৰ উপৰিও বিশ্বকৰ্মা আয়ূধ বিশেষজ্ঞ বা অস্ত্ৰবিশাৰদো আছিল । নানা অস্ত্ৰ নিৰ্মাণ কৰি তেওঁ দেৱতাসকলক শক্তিশালী কৰি তোলে । দৈত্যৰ বিনাশৰ বাবে দেৱতাসকলৰ নতুন নতুন মাৰণাস্ত্ৰ বিজ্ঞ বিশ্বকৰ্মাৰেই উদ্ভাৱন । সৰ্বতো প্ৰযত্নেৰে তেওঁ দুখন ধনু তৈয়াৰ কৰে—যাৰ এখন তেওঁ শিৱক, আনখন বিষ্ণুক প্ৰদান কৰে । শিৱে সেই ধনুৰ সাহায্যতেই ত্ৰিলোকবিজয়ী ত্ৰিপুৰাসুৰক নিধন কৰি দেৱতাসকলক স্বৰ্গৰাজ্য পুনৰ ঘূৰাই দিয়ে । পৰৱৰ্তীকালত সেই হৰধনুকেই ভঙ্গ কৰি ৰামচন্দ্ৰ‌ই সীতাক পত্নী হিচাবে লাভ কৰে । যি মহাধনুখন বিশ্বকৰ্মাই বিষ্ণুক দিছিল, সেইখন বিষ্ণুয়ে তেওঁৰ শ্ৰেষ্ঠ ভক্ত পৰশুৰামক দিয়ে । অমিত শক্তিশালী পৰশুৰামে সেই মহাধনুৰ সাহায্যতেই এই পৃথিৱীক একৈছবাৰ ক্ষত্ৰিয়শূণ্য কৰে । বৃত্ৰাসুৰ বধৰ বাবে নৈমিষাৰণ্যত ধ্যানৰত মহামুনি দধিচী ইচ্ছামৃত্যু বৰণ কৰাত তেওঁৰ বুকুৰ অস্থিৰে বিশ্বকৰ্মাই যি বজ্ৰ তৈয়াৰ কৰে, সেই বজ্ৰৰেই ইন্দ্ৰই বৃত্ৰাসুৰক সংহাৰ কৰে । মহিষাসুৰ বধৰ বাবে বিশ্বকৰ্মাই দেৱী কাত্যায়ণী বা চণ্ডিকাক সৰ্বপ্ৰকাৰ বাধা-বিঘ্ন অতিক্ৰম কৰাৰ বাবে কবচকুণ্ডল দান কৰে । তাৰ লগতে বহু অস্ত্ৰ-শস্ত্ৰ‌ও দিয়ে । শ্ৰীবিষ্ণুৰ সুদৰ্শন চক্ৰ বিশ্বকৰ্মাৰ শিল্প অৱদান । নৱ নৱ অস্ত্ৰ-শস্ত্ৰৰ উদ্ভাৱন, নিৰ্মাণ, যথাসময়ত যথোপযুক্ত প্ৰয়োগ মহাবীৰ বিশ্বকৰ্মাৰেই অৱদান ।

 

স্থাপত্যৰ দৰে ভাস্কৰ্যতো বিশ্বকৰ্মা অনন্য সাধাৰণ । আত্ম-কলহত প্ৰবৃত্ত প্ৰৱল পৰাক্ৰমী সুন্দৰ-উপসুন্দৰক ৰূপৰ অনলত পুৰি মৰাৰ উদ্দেশ্যে বিশ্বৰ সকলো সৌন্দৰ্যৰ পৰা তিল তিল সৌন্দৰ্য আহৰণ কৰি বিশ্বকৰ্মাই তিলোত্তমা নামেৰে এক অপূৰ্ব লাৱণ্যময়ী নাৰী সৃষ্টি কৰে । এয়া মাথোন এটি গল্প‌ই নহয়, ইয়াৰ পৰা বস্তুৰ অন্তঃস্থকণা অৰ্থাৎ পৰমাণু আৰু তাৰ তেজঃস্ক্ৰিয়তাৰ ধাৰণা পাব পাৰি ।

 

বিমানৰ ধাৰণা আৰু বিমানশিল্প বিশ্বকৰ্মাৰেই উদ্ভাৱন । ধনাধিপতি কুবেৰৰ শূণ্যগামী পুষ্পকৰথৰ পৰিকল্পনা আৰু নিৰ্মাণ শিল্পস্ৰষ্টা বিশ্বকৰ্মাৰেই উদ্ভাৱনী শক্তিৰ ফচল । পৰৱৰ্তীকালত লঙ্কাধিপতি ৰাৱণে কুবেৰক পৰাস্ত কৰি পুষ্পকৰথ নিজ কৰায়ত্ত কৰে । সৃষ্টিৰ সৌৰভেৰে সুৰভিত বিশ্বকৰ্মাৰ হাতত থাকে মানদণ্ড বা পৰিমাপদণ্ড । কাৰণ স্ৰষ্টাৰ সৃষ্টিৰ প্ৰকাশ সুপৰিকল্পিত পৰিনিৰ্মাণৰ দ্বাৰাইহে সম্ভৱ হয় । তাৰবাবে প্ৰয়োজন সঠিক পৰিমাপ বা সঠিক ওজন । বিশ্বকৰ্মাৰ দাঁড়িপাল্লাত এফালে থাকে জ্ঞান আৰু আনফালে থাকে কৰ্ম, যাৰ কাঁটাটো আত্মিক বিন্দুত স্থিৰ হৈ থাকে । চতুৰ্ভুজ বিশ্বকৰ্মাৰ আন দুখন হাতত থাকে ভাস্কৰ্য আৰু স্থাপত্যাদি কৰ্মত ব্যৱহৃত ছেনি আৰু হাতুৰী । আনখন হাতত থাকে চিলা আৰু লেটাই । বিশ্বকৰ্মাৰ বাহন হ’ল কৰ বা শুণ্ডযুক্ত পশুসমাজৰ বৃহদাকাৰ প্ৰাণী কৰী বা হাতী । শিল্পদেৱতা বিশ্বকৰ্মাই হাতীক বাহন কৰাৰ বাবে গৱষকসকলে বেচ কিছু কাৰণ উল্লেখ কৰিছে । প্ৰথমতে, বিধাতাই এনেদৰে হাতীৰ শুঁড়টো সুকৌশলেৰে নিৰ্মাণ কৰিছে যে হাতীয়ে ইচ্ছানুসাৰে শুঁড়টোক ওপৰলৈ, তললৈ, সোঁফালে, বাওঁফালে, সমুখলৈ, পিছলৈ সঞ্চালিত, সঙ্কুচিত, প্ৰসাৰিত কৰিব পাৰে । হাতৰ এনেধৰণৰ নিয়ন্ত্ৰণশক্তি সাধাৰণ মানুহৰ নাথাকে, থাকে শিল্পীৰহে । হাতৰ কৌশলৰ দ্বাৰাই শিল্পীৰ শিল্পকৰ্ম আৰু শিল্পকৌশল সম্ভৱ । হাতৰ দ্বাৰাই শিল্পৰ সৌন্দৰ্য ৰমণীয় হয় । সেয়ে কোৱা হয়, হাতী দেৱশিল্পীৰ যোগ্য বাহন । হাতীৰ মৃদুমন্দ গম্ভীৰ গতিৰ “গজেন্দ্ৰগমন”ৰ মাজত আছে এক ৰমণীয় শিল্প সৌন্দৰ্য । তাৰোপৰি গজদন্ত, গজ‌অস্থি চাৰুশিল্প কাৰ্যত সৌন্দৰ্যক অনন্য মাত্ৰা দিয়ে । দ্বিতীয়তে, অতি প্ৰাচীনকালত বিশাল প্ৰাসাদ, মঠ, মন্দিৰ, দুৰ্গ, দেৱালয় ইত্যাদি নিৰ্মাণৰ ক্ষেত্ৰত হাতীকেই বহন কাৰ্যত ব্যৱহাৰ কৰা হৈছিল । শিল্প উপকৰণ পৰিবহনত হাতীৰ উল্লেখযোগ্য ভূমিকা থকা বাবে বিশ্বকৰ্মাৰ সুযোগ্য বাহন হৈ উঠিছে হাতী।

বিশ্বস্ৰষ্টা আৰু বিশ্বশিল্পীৰ কুশলী শিল্পকলাৰ বৈচিত্ৰতেই আজিৰ এই সৃষ্টিতত্ব আৰু তাৰ লগতে বিশ্বকৰ্মাৰ শিল্পকৰ্তৃত্বৰ ভাৱটো পৰিস্ফুট । বৰ্তমানে এইদৰেই দেৱ বিশ্বকৰ্মা একাত্ম হৈ যায় সাধাৰণ মানুহৰ মননত—চিৰায়ত বিশ্বাসত ।