বিশিষ্ট শিল্পী নিপন গোস্বামীৰ বিয়োগত শোকসভা

Pc The Sentinel Assam

বিশিষ্ট শিল্পী নিপন গোস্বামীৰ বিয়োগত শোকসভা

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সভাকক্ষত বিশিষ্ট শিল্পী নিপন গোস্বামীৰ বিয়োগত এখন শোকসভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে বিশিষ্ট শিল্পী, অসমীয়া চলচ্চিত্র জগতৰ চিৰসেউজ অভিনেতাগৰাকীয়ে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত চলচ্চিত্র বিষয়া (Film Officer) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। সঞ্চালক বিষ্ণু কমল বৰাই কয় যে অসমীয়া চলচ্চিত্র জগতৰ এগৰাকী পুৰোধা ব্যক্তিৰ বিয়োগত অসমৰ সাংস্কৃতিক জগতৰ এক অপূৰণীয় ক্ষতি হ’ল। মহান শিল্পী তথা জনপ্রিয় অভিনেতাগৰাকীৰ বিদেহ আত্মাৰ সদগতিৰ অৰ্থে এক মিনিট সময় মৌনতা অৱলম্বন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ এক শোকপ্ৰস্তাৱ প্ৰেৰণ কৰা হয়। সভাত সঞ্চালকালয়ৰ সকলো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।