বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু নাই

Pc Wikipedia

বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু নাই

ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু নাই। পুৱা ৯:১৫ বজাত নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। অভিনেতাগৰাকী দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ আছিল।বিগত কিছুদিন ধৰি তেওঁ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল। মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল ৭৫ বছৰ।তেওঁৰ বিয়োগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে, লগতে তেওঁৰ অন্ত্যেষ্টিক্রিয়া ৰাজ্যৰাজ্যিক পৰ্যায়ৰে সম্পন্ন হ’ব বুলি মুখ্যমন্ত্রী গৰাকীয়ে জানিবলৈ দিয়ে।