বিশাল চাংমাই, অম্লান বৰগোহাঁইক অসম অলিম্পিক সন্থাৰ সম্বৰ্ধনা

বিশাল চাংমাই, অম্লান বৰগোহাঁইক অসম অলিম্পিক সন্থাৰ সম্বৰ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা- চলিত বৰ্ষৰ ১৫ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈ তেলেংগানাৰ ওৱাৰেংগালত অনুষ্ঠিত ৬০ সংখ্যক ৰাষ্ট্ৰীয় মুকলি এথলেটিকচ প্ৰতিযোগিতাৰ ১০০ মিটাৰ দৌৰত ১০.৩৪ ছেকেণ্ড সময়েৰে ৰূপৰ পদক আৰু ২০০ মিটাৰ দৌৰত ২০.৭৫ ছেকেণ্ড সময়েৰে স্বৰ্ণ পদকসহ মীট ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱা অম্লান বৰগোহাঁই আৰু পোলেণ্ডত অনুষ্ঠিত বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাৰ ব্যক্তিগত শাখাত ব্ৰঞ্জৰ পদক আৰু টীম আৰু মিক্সড টীম ইভেন্টত স্বৰ্ণ পদক জয় কৰা বিশাল চাংমাইক দেওবাৰে অসম অলিম্পিক সন্থাই সম্বৰ্ধনা জনায়। অসম অলিম্পিক সন্থাৰ সভাকক্ষত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানটো আঁত ধৰে সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে। অসম অলিম্পিক সন্থাৰ জেষ্ঠ্য উপ সভাপতি ঋতুবৰণ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থি্ত থাকে অসমৰ ক্ৰীড়া আৰু যুৱকল্যাণ মন্ত্ৰী বিমল বড়া। অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিমল বড়াই কয়- বিশাল আৰু অম্লানৰ সাফল্যৰ বাবে সমগ্ৰ অসম গৌৰৱান্বিত। এই খেলুৱৈসকলক উৎসাহিত কৰাৰ বাবে ৰাজ্যিক ক্ৰীড়া সন্থাসমূহকো ধন্যবাদ জনায় বিমল বড়াই। আনহাতে, সম্বৰ্ধনা গ্ৰহণ কৰি বিশাল চাংমাইয়ে কয়- বিদেশৰ পৃথক পৰিৱেশত প্ৰথমে ৰজিতা খাবলৈ কষ্ট হৈছিল যদিও নিজৰ সৰ্বস্ব প্ৰদৰ্শন দাঙি ধৰি এই সফলতা লাভ কৰিলোঁ। তদুপৰি পদক গ্ৰহণৰ সময়ত যেতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত বাজি উঠিছিল সেই সময়ত শিহৰিত হৈ পৰিছিলোঁ। আনহাতে, অম্লান বৰগোহাঁয়ে কয়- ৰাষ্ট্ৰীয় মুকলি এথলেটিকচ প্ৰতিযোগিতাৰ দুমাহৰ আগৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ। এতিয়া মোৰ লক্ষ্য আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক অৰ্জন কৰা। মাৰ্চত নিৰজ চোপ্ৰাক লগ পাইছিলো। তেওঁ কিদৰে কেৰিয়াৰটো আগবঢ়াই নিছিল তাক অনুসৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। আজিৰ অনুষ্ঠানত ছাই, গুৱাহাটীৰ সঞ্চালক সতীশ কে ছাৰহাৰি, হোজাই জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ, অসম অলিম্পক সন্থাৰ বিষয়ববীয়া জয়ন্ত বড়ো, কল্যাণ গগৈ, অনুপ চৌধুৰী, প্ৰণয় বৰদলৈ আৰু বক্সিং ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ সচিব হেমন্ত কুমাৰ কলিতা উপস্থিত থাকে। অনুষ্ঠানত এথলেটিকছৰ প্ৰশিক্ষক নিপন দাসকো সম্বৰ্ধনা জনোৱা হয়।