বিলাতী নৱবৰ্ষ – এছ ইছলাম

Pc Real Simple
বিলাতী নৱবৰ্ষ
এছ ইছলাম, বৰপেটা
বিলাতী নৱবৰ্ষৰ আগমন
নৱ প্ৰজন্মৰ মহাক্ষণ
বাজে কেৱল ডেকখন
গোটেই নিশা।
অসমীয়া গীত নেগায়
মাথোঁ বিলাতী গীত গায়
সিহঁত কিহৰ ভোজ খায়?
পাশ্চাত্য সংস্কৃতিৰ শিক্ষাহে লয়।
ই নহয় অসমীয়া সংস্কৃতি
নহয় এয়া হুঁচৰি
নেসাজে ভোগালীৰ মেজি
নিশা কটায় তম্বু সাজি ।
ই নহয় ৰঙালী বিহুৰ ৰং
এয়া কেৱল অপসংস্কৃতি ।
ই বিলাতী নৱবর্ষ
ইহঁতৰ মনত দিছে হৰ্ষ
ইহঁত হৈছে বিমূৰ্ত
কোনে কয় ইহঁত ধূৰ্ত ?