বিভিন্ন পাঠ্যক্রমত নাম ভর্তি সময়ত কি কি দিশ চাব লাগে…
বৰ্তমান অসমৰ শিক্ষানুষ্ঠানসমূহত বিভিন্ন বিষয়ৰ পাঠ্যক্রম অধ্যয়নৰ সুবিধা আছে যদিও উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰীক্ষাত কৃতকাৰ্য হোৱা সকলোবোৰ ছাত্র-ছাত্রীয়ে নিজৰ পচন্দৰ পাঠ্যক্রম লৈ উচ্চ শিক্ষা লাভ কৰিব বাবে পৰ্যাপ্ত সংখ্যক শিক্ষানুষ্ঠান আমাৰ ৰাজ্যখনত নাই । নতুন নতুন পাঠ্যক্রমৰ সকলোবোৰ বিষয়ো অসমৰ শিক্ষানুষ্ঠানসমূহত উপলব্ধ নহয় । ফলস্বৰূপে, অসমৰ বহুসংখ্যক ছাত্র-ছাত্রী প্রত্যেক বছৰে অসমৰ বাহিৰৰ শিক্ষানুষ্ঠানসমূহত উচ্চ শিক্ষা লাভৰ বাবে যাব লগা হয় । কিন্তু, উচ্চতৰ মাধ্যমিক আৰু স্নাতকৰ বিভিন্ন শাখাত উত্তীৰ্ণ পিছত কোনবোৰ বিষয় অধ্যয়ন কৰিব পাৰি,অসম তথা দেশ-বিদেশৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহত কি কি বিষয়ৰ পাঠ্যক্রম অধ্যয়নৰ সুবিধা আছে , প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে কেনেদৰে প্রস্তুতি চলাব লাগে,বিভিন্ন শিক্ষানুষ্ঠানসমূহত শিক্ষা লাভ কৰিবলৈ অথবা বিভিন্ন চাকৰিৰ বাবে কেনেধৰণৰ অৰ্হতাৰ প্রয়োজন ,বিভিন্ন চাকৰিবোৰৰ বিজ্ঞাপন তথা প্রতিযোগিতামূলক পৰীক্ষাবোৰৰ বিতং তথ্য ক’ৰ পৰা সংগ্রহ কৰিব পাৰি ,ইন্টাৰনেটৰ জৰিয়তে কেনেকৈ শুদ্ধ তথ্য সংগ্রহ কৰিব পাৰি ইত্যাদিৰ বিষয়ে বহুসংখ্যক ছাত্র-ছাত্রী জ্ঞাত নহয় । কিন্তু এই অজ্ঞতাৰ বাবে ছাত্র-ছাত্রীসকলক জগৰীয়া কৰিব নোৱাৰি । কাৰণ, এনেবোৰ বিষয়ৰ আলোচনাৰ বাবে বিদ্যালয়/মহাবিদ্যালয়বোৰত সাধাৰণতে কোনোধৰনৰ সুবিধা প্রদান কৰা দেখা নাযায় । বিদ্যালয়/মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনীবোৰত কেৰিয়াৰ বিষয়ক লেখা প্রকাশৰ উপৰিও ‘বিদ্যালয়/মহাবিদ্যালয় সপ্তাহ’ৰ লগত সংগতি ৰাখি কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা আয়োজন কৰিলেও ছাত্র-ছাত্রীসকল যথেষ্ট উপকৃত হ’ব । কেৰিয়াৰ সম্পৰ্কীয় গ্রন্থ আৰু আলোচনী নিয়মীয়াকৈ পঢ়িলেও ছাত্র-ছাত্রীসকলৰ নিজ কেৰিয়াৰ গঠনৰ ক্ষেত্রত সহায় হ’ব । ইন্টাৰনেটত চাৰ্চ ইঞ্জিন (Search Engine)ৰ জৰিয়তেও কেৰিয়াৰ বিষয়ৰ তথ্য সংগ্রহ কৰিব পাৰি কিন্তু কেনেকৈ শুদ্ধ আৰু শেহতীয়া তথ্য পোৱা যাব সেই বিষয়েও জানিব লাগিব। কোনো শিক্ষানুষ্ঠান,অনুষ্ঠান-প্রতিষ্ঠান, বিভাগ আদিৰ তথ্যৰ বাবে জানিব বিচাৰিলে ,সেই শিক্ষানুষ্ঠান, অনুষ্ঠান-প্রতিষ্ঠান, বিভাগবোৰৰ অফিচিয়েল ৱেবছাইটবোৰ চাব লাগিব যিহেতু অফিচিয়েল ৱেবছাইটবোৰতহে শুদ্ধ আৰু শেহতীয়া তথ্য পোৱা যায় । যিবোৰ শিক্ষানুষ্ঠান, অনুষ্ঠান-প্রতিষ্ঠান, বিভাগৰ নিজস্ব ৱেবছাইট নাই সেইবোৰৰ বিষয়ে জানিবলৈ বেলেগ অফিচিয়েল ৱেবছাইটবোৰৰ অধীনত থকা তথ্য সংগ্রহ কৰিব লাগিব।
যি কোনো এটা পাঠ্যক্রম মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত নামভর্তি কৰাৰ পূর্বে শিক্ষানুষ্ঠানসমূহৰ বৈধতা/ডিগ্রীৰ মর্যাদা/ব্যৱস্থা/স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ সবিশেষ তথ্য বিভিন্ন শিক্ষা বিষয়ক পৰিষদ/সংস্থা আদিৰ ৱেবচাইটৰ পৰা লাভ কৰিব পাৰি । যেনে- শিক্ষা মন্ত্রালয় (https://education.gov.in), বিশ্ববিদ্যালয় অনুদান আয়োগ (https://www.ugc.ac.in), ৰাষ্ট্রীয় চিকিৎসা আয়োগ (https://www.nmc.org.in), ভাৰতীয় দন্ত পৰিষদ (https://dciindia.gov.in) , ভেটেৰিনেৰী কাউঞ্চিল অৱ ইণ্ডিয়া (http://vci.dadf.gov.in) , ৰাষ্ট্ৰীয় হোমিঅ’পেথী আয়োগ (https://nch.org.in) , ৰাষ্ট্রীয় মূল্যাঙ্কন আৰু স্বীকৃতি পৰিষদ (http://www.naac.gov.in), নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ (https://www.aicte-india.org), ভাৰতীয় ফাৰ্মাচী পৰিষদ (www.pci.nic.in) , ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা (http://www.aiu.ac.in) ,দূৰ শিক্ষা পৰিষদ (Distance Education Bureau ,https://deb.ugc.ac.in), ভাৰতীয় নাৰ্ছিং পৰিষদ (https://www.indiannursingcouncil.org) , আৰ্কিটেকচাৰ পৰিষদ (https://www.coa.gov.in) ,ভাৰতীয় বাৰ পৰিষদ (http://www.barcouncilofindia.org), ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ (https://ncte.gov.in), ভাৰতীয় পুনৰ্সংস্থাপন পৰিষদ(http://www.rehabcouncil.nic.in) আদি । শিক্ষানুষ্ঠানসমূহ এই পৰিষদ বা সংস্থাবোৰৰ স্বীকৃতিপ্রাপ্ত হোৱাৰ উপৰিও যি বিভাগত অধ্যয়ন কৰিব বিচাৰে, সেই বিভাগটিও স্বীকৃতিপ্রাপ্ত হ’ব লাগিব । তদুপৰি উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীসকল কেনেদৰে প্রতিষ্ঠিত হৈছে তাৰো এটা সম্যক ধাৰণা লোৱা উচিত । সেইদৰে শিক্ষানুষ্ঠানখনৰ শিক্ষণ ব্যৱস্থা,উত্তীৰ্ণৰ হাৰ , নামভৰ্ত্তিৰ প্রক্রিয়া , পুথিভঁৰাল, ইণ্টাৰনেট সেৱা, থকাৰ সা-সুবিধা, আৰ্থিক সাহাৰ্য লাভৰ সুবিধা আছে নে নাই তথা বিভিন্ন মাচুলৰ পৰিমাণৰ বিষয়েও জানি লোৱা উচিত। ইয়াৰ উপৰিও জানিব লগা আন দিশবোৰৰ কিছুমান হ’ল – শিক্ষানুষ্ঠানখন চৰকাৰী নে বেচৰকাৰী আৰু সুৰক্ষিত স্থানত অৱস্থিত হয় নে নহয় , শিক্ষানুষ্ঠানখনৰ আকাৰ কেনেকুৱা অৰ্থাৎ ছাত্র আৰু শিক্ষকৰ অনুপাত কিমান , ঘৰৰ পৰা শিক্ষানুষ্ঠানখনৰ দূৰত্ব , কেম্পাচ ইণ্টাৰভিউ হয় নে নহয়, খেলা-ধূলাকে আদি কৰি অন্যান্য extra-curricular activitiesকৰিবৰ বাবে সুবিধা আছে নে নাই ইত্যাদি । লগতে প্রাক্তন ছাত্র-ছাত্রীৰ সংগঠন(Alumni Network) কিমান শক্তিশালী সেই বিষয়েও জানি লোৱাটো উচিত যিহেতু এই সংগঠন শক্তিশালী হ’লে শিক্ষাৰ্থীসকলৰ চাকৰি লাভ কৰাটো অধিক সুবিধা হয় । কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে।
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়