বিবাহ বিচ্ছেদৰ বাবে আবেদন স্বৰ্ণকন্যা লাভলীনা বৰগোহাঁইৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বিবাহ বিচ্ছেদৰ বাবে আবেদন স্বৰ্ণকন্যা লাভলীনা বৰগোহাঁইৰ।বিবাহ বিচ্ছেদ বিচাৰি পাৰিবাৰিক আদালতৰ দ্বাৰস্থ বক্সাৰ লাভলীনা বৰগোহাঁই।২০১৮ চনতে যোৰহাটৰ নৱনীত গোস্বামী (৩১)ৰ সৈতে আইনী বিবাহ সম্পন্ন হৈছিল লাভলীনাৰ।স্বামী নৱনীতৰ ঘৰ যোৰহাটৰ বালিগাঁৱৰ জানখানা গাঁৱত।নৱনীত গোস্বামীয়ো এগৰাকী বক্সাৰ বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে, স্বামী-স্ত্ৰীৰ মাজত মনে নিমিলাৰ বাবে শেষত দুয়ো এই বিচ্ছেদৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে।দুয়োগৰাকীৰ মাজত বুজাপৰাৰ মাজেৰে সহমত ৰাখি বিবাহ বিচ্ছেদৰ বাবে আদালতৰ কাষ চাপিছে।