বিধায়ক পুঁজিৰ ধন আত্মসাতৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ শ্বেৰমান আলী

Pc- assam.News18

বিধায়ক পুঁজিৰ ধন আত্মসাতৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ শ্বেৰমান আলী

ৰঙিলী বাৰ্ত্তাসেৱা-  বিধায়ক পুঁজিৰ ধন আত্মসাৎৰ অভিযোগত আকৌ গ্ৰেপ্তাৰ শ্বেৰমান আলী৷ প্ৰাপ্ত বাতৰিমতে ৬৫ লাখ টকাৰ কেলেংকাৰী সংঘটিত হৈছিল বাঘবৰ সমষ্টিত ৷মন্দিয়া উন্নয়ন খণ্ডত সংঘটিত হৈছিল সেই বৃহৎ কেলেংকাৰী ৷পুঁজিৰ ধনেৰে পথ নিৰ্মাণ কৰা দেখুৱাই আত্মসাৎ কৰিছিল ৬৫ লাখ ৷২০১৬ – ১৭ বৰ্ষত সংঘটিত হৈছিল সেই ৬৫ লাখ আত্মসাৎৰ ঘটনা ৷গ্ৰেপ্তাৰ হৈছিল BDOসহ কণিষ্ঠ অভিযন্তা আৰু জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ৷লগতে গ্ৰেপ্তাৰ হৈছিল উন্নয়ন সমিতিৰ তিনিজনকৈ সভাপতি ৷বিগত জুন মাহত গ্ৰেপ্তাৰ হৈছিল মূঠ ৬ জনকৈ বিষয়া-কৰ্মচাৰী৷গ্ৰেপ্তাৰ হোৱাসকলৰ ভাষ্যত নাম প্ৰকাশ পাইছিল শ্বেৰমান আলীৰ ৷শুকুৰবাৰে শ্বেৰমানক বিশেষ আদালতত হাজিৰ কৰাইছিল তদাৰকী কোষে ৷এই গোচৰত ৫ দিনৰ বাবে তদাৰকী কোষৰ জিম্মালৈ শ্বেৰমান আলী৷