বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ
ৰঙিলী বাৰ্ত্তাসেৱা- অত্যধিক বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত অসম তৃণমূল কংগ্ৰেছে মহানগৰীৰ জয়ানগৰত এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰসংগত এক আচহুৱা মন্তব্যৰে অলপতে ফেন বন্ধ কৰি ৰাইজক গছৰ তললৈ যাবলৈ পৰামৰ্শ দিয়াৰ পাছত আজি অসম তৃণমূল কংগ্ৰেছৰ শতাধিক দলীয় কৰ্মীয়ে মহানগৰীৰ জয়ানগৰত এডাল গছৰ তলত সমবেত হৈ হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। গছৰ তলত বহি থকা প্ৰতীকী বিশ্বজিৎ দৈমাৰীক সভাপতি ৰিপুণ বৰাকে ধৰি অন্যান্য নেতা-কৰ্মীসকলে প্ৰশ্নৰে থকা সৰকা কৰি বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদকাৰীসকলে ‘অত্যধিক বিদ্যুৎ মাচুল প্ৰত্যাহাৰ কৰক’, ‘২৪ ঘন্টাই বিদ্যুৎ যোগানৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰক’, ‘উৎকট গৰমত নিয়মীয়া বিদ্যুৎ যোগান নিশ্চিত কৰক’, ‘স্মাৰ্ট মিটাৰৰ নামত গ্ৰাহক ৰাইজক শোষণ কৰা বন্ধ কৰক’, ‘অসম তৃণমূল মহিলা কংগ্ৰেছ জিন্দাবাদ’, ‘অসম তৃণমূল যুৱ কংগ্ৰেছ জিন্দাবাদ,’ ‘বিজেপি চৰকাৰ হায় হায়, ‘বিদ্যুৎ মাচুল বৃদ্ধিৰ নামত টুলুঙা মন্তব্যৰে ৰাইজক অপমান কৰা বিধানসভাৰ অধ্যক্ষ হায় হায়’, ‘অত্যধিক বিদ্যুৎ মাচুলৰ নামত ৰাইজক টেটু চেপা দিয়া বিজেপি চৰকাৰ হায় হায়, ‘আকাশলংঘী মূল্যবৃদ্ধিয়ে কোঙা কৰা ৰাইজক বিদ্যুৎ মাচুল বৃদ্ধিৰ নামত লুণ্ঠন কৰা নচলিব’ আদি শ্ল’গানেৰে চৌদিশ কঁপাই তোলে।সাংবাদিকৰ সৈতে বাৰ্তালাপত সভাপতি ৰিপুণ বৰাই মূল্যবৃদ্ধিত বিপৰ্য্যস্ত জনতাক গেলাতে টেঙা দি বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ক্ষোভ উজাৰে। সভাপতি বৰাই বিজেপি চৰকাৰক সুৰক্ষা দিয়াৰ স্বাৰ্থত অসমৰ ৰাইজক উপলুঙা কৰা মন্তব্য দিয়াৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক ধিক্বাৰ দিয়ে। তেওঁ লগতে লগতে শীঘ্ৰে বিদ্যুৎ মাচুল হ্ৰাস কৰি জনতাক সকাহ দিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাইও বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ সন্দৰ্ভত পলায়নবাদী মন্তব্যক কঠোৰ সমালোচনা কৰাৰ লগতে বিদ্যুৎ মাচুল হ্ৰাসৰ দাবী জনায়।