বিদ্যুৎ প্ৰবাহিত তাঁৰত লাগি গুৱাহাটীৰ গড়চুকত বিদ্যুৎস্পৃষ্ট হৈ মখনা হাতীৰ কৰুণ মৃত্যু

বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতি, বিদ্যুৎ প্ৰবাহিত তাঁৰত লাগি গুৱাহাটীৰ গড়চুকত বিদ্যুৎস্পৃষ্ট হৈ মখনা হাতীৰ কৰুণ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই গড়চুকৰ সমীপৰ গাৰোঘুলিত যোৱা নিশা বিদ্যুৎস্পৃষ্ট হৈ এটা মখনা হাতীৰ কৰুণ মৃত্যু ঘটে। প্ৰায় চাৰি ফুট ওখ হাতীটোৰ বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হোৱাৰ ঘটনাই স্বাভাৱিকতে প্ৰকৃতিপ্ৰেমীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।বন বিভাগে  বিষয়টো গুৰুত্ব সহকাৰে লৈছে।বিদ্যুৎস্পৃষ্ট হৈ পৰা হাতীটোৰ মৃত্যুমুখত বিষয়টো বন বিভাগে চালিজাৰি চাই আছে।বিদ্যুৎ বিভাগে বন্যপ্ৰাণী চলাচল কৰা অঞ্চলসমূহত ইমান তলেৰে কেনেকৈ বিদ্যুৎ প্ৰবাহিত তাঁৰ সংযোগ কৰিছে তাক লৈ প্ৰশ্ন উঠিছে৷ৰাজ্যখনৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দি বিদ্যুৎ বিভাগৰ গাফিলতিৰ যথোচিত তদন্তৰ দাবী তুলিছে প্ৰকৃতিপ্ৰেমীয়ে।