বিদ্যালয়ৰ বাবে অনুদান বিচাৰি বিধায়কলৈ শিক্ষা মন্ত্ৰীৰ পত্ৰ

বিদ্যালয়ৰ বাবে অনুদান বিচাৰি বিধায়কলৈ শিক্ষা মন্ত্ৰীৰ পত্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ এখন বিশেষ চিঠি শেহতীয়াকৈ চচিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হৈছে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কোটি টকীয়া আঁচনি ঘোষণা কৰি অহাৰ সময়তেই শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ এই চিঠিখনে চৰকাৰী বিদ্যালয়ৰ ভৱিষ্যতৰ প্ৰতি প্ৰশ্নৰ সৃষ্টি কৰিছে।শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৰাজ্যৰ বিধায়কসকললৈ ১১ আগষ্টত লিখা এই পত্ৰখনৰ বিষয় আছিল- ‘সমষ্টিৰ বিদ্যালয়সমূহলৈ অনুদান প্ৰদানৰ বাবে অনুৰোধ’।শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে চিঠিখনত লিখিছে- ‘মহোদয়, নমস্কাৰ গ্ৰহণ কৰিব।আপুনি নিশ্চয় জ্ঞাত যে আপোনাৰ সমষ্টিত কিছুমান বিদ্যালয় পর্যাপ্ত সুবিধা যেনে- বৈদ্যুতিক পাংখা, চকী-মেজ, খোৱা পানী ফিল্টাৰ ইত্যাদি অবিহনে চলি আছে।এখন বিদ্যালয়ত এই সুবিধাসমূহ থকাটো শিক্ষণ-শিকন পৰিৱেশৰ বাৰে অতিকৈ জৰুৰী।যদিও চৰকাৰে এই সুবিধাসমূহ প্ৰদানৰ ব্যৱস্থা কৰি আহিছে, এই প্রয়োজনসমূহ পূৰণ কৰিবলৈ বৰ্তমান পর্যাপ্ত পৰিমাণৰ পুঁজিৰ অভাৱ।এই অভাৱসমূহ পূৰণ কৰিবলৈ দীর্ঘকালীন সময়ৰ প্ৰয়োজন হ’ব।ভাৰতৰ মাননীয় প্রধানমন্ত্রী মহোদয়ে “বিদ্যাঞ্জলী২.০” নামেৰে এখন বিশেষ আঁচনি মুকলি কৰিছে।বিদ্যালয়ৰ মানদণ্ড উন্নীত কৰাৰ লক্ষ্যৰে স্বেচ্ছাই যিকোনো ব্যক্তি, অৱসৰপ্ৰাপ্ত বিষয়া, ব্যৱসায়ী, যুবসমাজ, সামাজিক তথা ব্যক্তিগত খণ্ড আদিয়ে বিদ্যালয় এখনক সহযোগিতা আগবঢ়োৱাটো হৈছে এই আঁচনিৰ মূল উদ্দেশ্য।এই ক্ষেত্ৰত http://vidyanjali.education.gov.in/en পোৰ্টেলত পঞ্জীয়নৰ জৰিয়তে অনুদান তথা সেৱাসমূহ উক্ত অনুষ্ঠান তথা ব্যক্তিসকলে আগবঢ়াব পাৰিব।সেয়েহে মই অনুৰোধ জনাও যে, আপোনাৰ সমষ্টিৰ আপোনাৰ পৰিচিত দাতা আৰু পৃষ্ঠপোষকসকলক মেজ, চকী, বৈদ্যুতিক পাংখা, খোৱা পানী ফিল্টাৰ তথা অন্যান্য সা-সুবিধা বিদ্যালয়সমূহক প্ৰদান কৰিবলৈ অনুপ্ৰাণিত কৰে যেন।এই সুবিধাসমূহ বিদ্যালয়লৈ প্ৰত্যক্ষভাবে নতুবা “বিদ্যাঞ্জলী ২০” ৰ জৰিয়তে প্ৰদান কৰিব পাৰিব।এই ক্ষেত্ৰত আপোনাৰ পৰা এটি ইতিবাচক সঁহাৰি কামনা কৰিলোঁ।উল্লেখযোগ্য যে,বিদ্যালয়ৰ বাবে সহায় বিচাৰি বিধায়কলৈ লিখা শিক্ষা মন্ত্ৰীৰ এই পত্ৰখনক লৈ ইতিমধ্যে তোলপাৰ লাগিছে ৰাজ্য।চৰকাৰ বিত্তীয় সংকটত ভোগা বুলি বিৰোধীয়ে সমালোচনা আৰম্ভ কৰিছে।চচিয়েল মিডিয়াত সমালোচনৰ পিছতে এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে। এক সংবাদমেলযোগে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে কয় যে, ‘‘বিদ্যাঞ্জলী পৰ্টেলৰ বাবে দিয়া চিঠি সত্য।ধন টকা পইচা বা বিত্তীয় সংকট অসত্য।কিন্তু মোৰ চিঠিখনৰ ভুল ব্যাখ্যা কৰা হৈছে। বিদ্যাঞ্জলী পৰ্টেলৰ স্কুলবোৰ ছেমী-চৰকাৰী।বিদ্যাঞ্জলীৰ বাবে দান বৰঙণি বিচৰা হয়।বিদ্যাঞ্জলীৰ বাবে শিক্ষকো বহু সময়ত স্বইচ্ছাই আগবাঢ়ি আহে।বিদ্যাঞ্জলী কেন্দ্ৰীয় চৰকাৰৰ পৰ্টেল।ইয়াৰ জৰিয়তে জনসাধাৰণক শিক্ষানুষ্ঠানৰ লগত জড়িত কৰে।কিন্তু বিৰোধী বিধায়কে চৰকাৰৰ পুঁজি নাই বুলি সমালোচনা কৰিছে।ইয়াৰ জৰিয়তে কোনোবাই স্বইচ্ছাই বৰঙণি আগবঢ়াব পাৰে।মই চৰকাৰৰ পুঁজিৰ নাটনিৰ কথা কোৱা নাছিলোঁ।’’