” বিদ্যালয়ৰ মধুৰ স্মৃতি “
সকলোৰে চাগে বিদ্যালয়, কলেজ , অনুষ্ঠান, প্ৰতিষ্ঠানৰ লগত ঘটা বহুতো ঘটনা আছে। মোৰ ও বিদ্যালয় , কলেজৰ বহুতো ঘটনা আছে । ইমানবোৰ ঘটনা বৰ্ণনা কৰিব নোৱাৰি এতিয়া। তথাপি এটা জমনি ঘটনাকে কওঁ আপোনালোকৰ আগত। মই তেতিয়া সপ্তম শ্ৰেণীত পঢ়ি আছিলোঁ । শংকৰদেৱৰ শিশু নিকেতনত ল’ৰা ছোৱালী একেলগে পঢ়িছিল। এফালে ল’ৰা বহে আৰু এফালে ছোৱালী।এবাৰ আমি স্কাচত উৎপাত কৰি আছিলোঁ। আচাৰ্য নাছিল স্কাচত । আমি গম নোপোৱাকৈ হিন্দী পঢ়াবলৈ আচাৰ্য আহিল । আহি দেখে আমি উৎপাত কৰি আছোঁ । আমি লগে লগে চুপচাপ হৈ গʼলো । কিন্তু আমাৰ লগৰ এটাই বেন্সৰ ওপৰত উঠি নাচি আছিল। তাক আচাৰ্য ই দেখি লিচীপনিৰে মৰিয়ালে আৰু মোৰ লগত বহুৱাই দিলে । আৰু ক’লে আজিৰ পৰা তই হিমাদ্ৰীৰ লগত বহিবি। মোৰটো টেমা গৰম হৈ গৈছে। পিছদিনা মোৰ লগৰ জনিৰ লগত প্লেন কৰিলোঁ , যে চেপটি পিন এটা লৈ যাম। কথা মতে কাম। পিছদিনা সি আমাৰ মাজত বহি আছে। মই সি গম নোপোৱাকৈ চেপটি পিনটো দি খোচ মাৰি দিলোঁ টিকাত। সি কি ঔ বুলি চিঞৰিলে। সি আমাৰ ফালে চাই কলে তহঁতে কিবা কৰিছ ন ? মই আচাৰ্যক কৈ দিম ৰʼহ । মই তেতিয়া তাক কʼলো তই আচাৰ্যক ক’লে মই তোক আৰু খুচিম। তই ভালে ভালে ইয়াৰ পৰা উঠ। উপাই নাপাই বেচেৰাই আচাৰ্যক ক’লে বেন্সখন বেয়া তিনিটা বহিব নোৱাৰি। মই আগৰ ঠাইতে বহোনে ? আচাৰ্য ই তাক আগৰ ঠাইতে বহিবলৈ ক’লে। লগে লগে আমাৰ হাঁহি। আমাৰ প্লেন success ,বেচেৰা ভয়তে পলাল আমাৰ মাজৰ পৰা ।
হিমাদ্ৰী বৰকটকী
নগাঁও