বিতুমণি ভূঞা কোঁচৰ সামাজিক উপন্যাস “একাঁজলি বিৰহ” – লক্ষীন্দ্ৰ জুমন গগৈ

বিতুমণি ভূঞা কোঁচৰ সামাজিক উপন্যাস “একাঁজলি বিৰহ”
সাম্প্ৰতিক সময়ত জীৱন ব্যস্ততাৰ মাজতো পূৰ্বৰ কবি-সাহিত্যিক সকলৰ  দৰেই একাংশ সাহিত্য প্ৰাণ ব্যক্তিয়ে নিজস্ব সৃষ্টিৰে সাহিত্যৰ পথাৰখন শুৱনি কৰি ৰখাৰ পথত ব্ৰতী থকাটো যুৱ সমাজ তথা নৱ প্ৰজন্মৰ বাবে প্ৰেৰণা আৰু আদৰ্শ বুলি কলেও বঢ়ায় কোৱা নহ’ব।আজি আমি সন্মানীয় পাঠক-পঠিকা সকলৰ দৃষ্টি গোচৰ কৰাব বিচাৰিছোঁ অসমৰ প্ৰথম গৰাকী অণু উপন্যাসিকা ধেমাজি জিলাৰ নিবাসী শ্ৰদ্ধাৰ বিতুমণি ভূঞা কোঁচ বাইদেউৰ সামাজিক উপন্যাস “একাঁজলি বিৰহ” ।লেখিকাই পুথি খনৰ প্ৰাৰম্ভিকতেই  নাৰীৰ জীৱনৰ ঘাত-প্ৰতিঘাত, আশা-নিৰাশাৰ মাজেৰে কেনেকৈ কম বয়সতেই ছোৱালী এজনীয়ে বিয়া হৈ যোৱাৰ পাছত নিজৰ জীৱন নিজেই ধ্বংস কৰে অথবা অভিভাৱকৰ বাবে নিজৰ জীৱন একালতে এৰিব লগা হয়, সেই কথাকেই বহুল বিস্তাৰিত কৰি নাৰীৰ সবলীকৰণৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি এই সুন্দৰ সামাজিক উপন্যাস খন ৰচনা কৰা বুলি উল্লেখ কৰিছে । লগতে তেওঁ আশা ৰাখিছে যে তেওঁৰ এই সামান্য প্ৰয়াসে সমাজত কিঞ্চিত হ’লেও পৰিবৰ্তন আনিব ।লেখিকাই পাতনিতেই তেওঁক মৰম যাচি অহা পঢ়ুৱৈ তথা মুখপুথিৰ বন্ধুত্ব তালিকাত থকা তেওঁৰ শুভাকাংক্ষী সকলৰ লগতে , তেওঁক প্ৰতিক্ষণতে সাহস-প্ৰেৰণা যোগায় অহা  শ্ৰদ্ধাৰ কবি তথা সাহিত্যিক মামণি বৰঠাকুৰ বাইদেউৰ লগতে  তেওঁৰ স্বামী পৰেশ কোঁচ, দুই পুত্ৰ অম্লান জ্যোতি আৰু বৈষ্ণৱ জ্যোতিৰ নাম উল্লেখ কৰিছে ।শেষত লেখিকাই  উল্লেখ কৰিছে যে, পাঠকৰ মৰমেই লেখিকাৰ প্ৰাপ্তি । তেওঁ আশা ৰাখিছে যে , পুথি খনে নিশ্চয় পাঠকৰ মৰম বুটলি ল’ব পাৰিব।পুথি খন লেখিকাই সকলোৰে মন চুই যাব পৰাকৈ ৩৪ টা খণ্ডত উপন্যাসৰ কাহিনীটি শেষ কৰিলে যদিও অন্য উপন্যাসৰ দৰে এই উপন্যাসখনো পঢ়ি তাৰ পাছৰ পৰ্যায়ত কি হ’ব সেই কথা মানস পাতত ৰিঙিয়াবলৈ বৰ মন থাকিল।পঢ়ি থাকিলে পঢ়ি থাকিব মন যোৱা সামাজিক উপন্যাসখনৰ মধ্য ভাগ লেখিকাই খুব কম বয়সতেই অভিভাৱকৰ হেঁচাত বিয়া হৈ যোৱা এজনী ছোৱালীৰ কাহিনীৰে সজাই তুলিছে । তাৰোপৰি পাঠকৰ মন আকৰ্ষণ কৰিব পৰা অন্য কেইটামান দিশ হ’ল- ছোৱালী জনী খুব কম বয়সতে বগা সাজ পিন্ধিব লগা হ’ল।একাংশ বোৱাৰীৰ দৰে তায়ো শাহুৱেকৰ নিৰ্যাতনৰ বলী হ’ব লগা হৈছিল।বিধবা  যদিও তাই গৰ্ভৱতী হোৱা কথাটোৱেই পাঠকক ৰাখি থয় অন্তিম ক্ষণৰ লৈকে।ৰমেন খুড়াৰ ল’ৰা ৰণৰ চৰিত্ৰটিও নুই কৰিব নোৱাৰি । কম বয়সীয়া হ’লেও কিছু বিশেষ গুনেৰে পৰিপূৰ্ণ সেই ৰণ চৰিত্ৰটি । বঙালী সম্প্ৰদায়ৰ ৰামভাই নামৰ আধ্যাত্মিক চৰিত্ৰটিয়েও কিছু ক্ষণ হ’লেও পাঠকক আকৰ্ষণ কৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে ।এটা কথা ঠিক যে, উপন্যাস খনৰ এটি অন্যতম দয়ালু চৰিত্ৰৰ পুলিচ “ৰমাকান্ত”ই আপোনাকো কিছুপৰ চিন্তা সাগৰত ডুবাই ৰাখিব । কোনোবাখিনিত মোৰ ভাৱ হয় যে স্বয়ং ঈশ্বৰেই ৰমাকান্ত ৰূপত দুৰ্ভগীয়া তগৰৰ কাষত থিয় হৈ আছিল ।সু-লেখিকা ভূঞা কোঁচ বাইদেউৰ সৰুৰে পৰাই সাহিত্য চৰ্চাৰ প্ৰতি থকা প্ৰবল আগ্ৰহৰ বাবেই হয়তো এই ভাৰ্চুৱেল পৃথিৱীৰ যান্ত্ৰিকতাৰে আগুৰি ধৰা নৱ-প্ৰজন্মৰ প্ৰেৰণা,উৎসাহ আৰু সাহস হিচাপে ‘ৰছীডাল’,’নতুন পথ’,’অল্প বিদ্যা ভয়ংকৰ’, ‘এৰি অহা সুঁতি’,’মইনা’ৰ উপৰি পুনৰ আকৌ এখন সমাজৰ উপকাৰ সাধন কৰিব পৰা পুথি ‘একাঁজলি  বিৰহ’ অসমীয়া সাহিত্য জগতলৈ আগবঢ়াই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাৰ পথত ব্ৰতী হৈছে । পাঠক সমাজে গ্ৰন্থখন আঁকোৱালি ল’লে লেখিকাৰ কষ্ট সফল হোৱাৰ লগতে আগন্তুক দিনত আগবাঢ়ি যোৱাৰ প্ৰেৰণা লাভ কৰিব । সদৌ শেষত লেখিকালৈ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰি পৰৱৰ্তী দিনবোৰটো সাহিত্যৰ পথাৰত নতুন নতুন বীজ সিঁচি যাব বুলি আশা ৰাখি লেখিকাৰ সাহিত্য যাত্ৰা সফল হোৱাৰ কামনা কৰিলোঁ ।
লক্ষীন্দ্ৰ জুমন গগৈ,
ঢকুৱাখনা, লখিমপুৰ