বিচাৰিলেই পৰা হ’লে – অমূল্য চেতিয়া

বিচাৰিলেই পৰা হ’লে
অমূল্য চেতিয়া
বিচাৰিলেই পাহৰিব পৰা হ’লে
কাৰ হৃদয়ত বিষাদে দহে…
মাথো মানসিক আত্মসন্তুষ্টি!
বিচাৰিলেই পাহৰিব পৰা হ’লে
কিয় অন্তঃদন্দৰ অশ্ৰুৰ সুঁতি…
মাথো মৌনতাৰ প্ৰলেপ!
বিচাৰিলেই পাহৰিব পৰা হ’লে
কিয় স্মৃতিয়ে আমনি কৰে…
মোহাৰি পেলোৱাৰ হুংকাৰ, অপপ্ৰয়াস !
কেনেকৈ পৰা যায়?
 মিথ্যা আবেগৰ নহয় ফৰ্মুটি,
ভাষাহীন অকথনীয়  বিননি…
নাজল-নাথল জল্পনা কল্পনা
তন্দ্ৰাহীন সময় নিজৰ সৈতে…