বিচক্ষণ মুছলমান নেতাসকলে উগ্ৰবাদৰ বিৰোধিতা কৰিব লাগিবঃ আৰ এছ এছ প্ৰধান মোহন ভাগৱত
অনলাইন বাৰ্ত্তাসেৱা – ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ. এছ. এছ.) মুৰব্বী মোহন ভাগৱতে কৈছিল “মুছলমান সম্প্ৰদায়ৰ বিচক্ষণ নেতাসকলে উগ্ৰবাদৰ বিৰোধিতা কৰিব লাগিব” আৰু “ধৰ্মান্ধ”ৰ বিৰুদ্ধে মাত মাতিব লাগিব।” ইছলাম আক্ৰমণকাৰীৰ সৈতে ভাৰতলৈ আহিছিল। এইটো এটা ঐতিহাসিক সত্য, আৰু ইয়াক এনেদৰে প্ৰকাশ কৰাটো প্ৰয়োজনীয়,” তেওঁ লগতে কয়। তেওঁ আৰু কৈছিল যে ভাৰতৰ হিন্দু আৰু মুছলমানসকলৰ ” একে বংশ আছে”।
(UD.)