বাৰে বাৰে প্ৰেমত পৰো
ড০ ৰাস্না ৰাজখোৱা,
জামুগুৰিহাট, শোণিতপুৰ
কথাটো ক’ৰ পৰা কেনেকৈ আৰম্ভ কৰো
ধৰিবই পৰা নাই
জন্ম হ’লে মৃত্যু হ’বই
অৱধাৰিত
তথাপি
পকা পাত হৈ সৰি পৰিব
নিবিচৰা বাসনাই
কলিজাটো বাৰে বাৰে
স্পর্শ কৰে
শুকান পাত হৈ
উৰি যাব নিবিচৰা কামনাই
কলিজাটো খামোচি ধৰে
সেইবাবেই
তোমাৰ বুকুৰ গহ্বৰত সোমাই
নিৰাপদ হ’ব খোজো
এটা কুঁহিপাত হৈ
জানো,
প্ৰেমৰ প্ৰতিশ্ৰুতিবোৰ
সত্যৰ অপলাপৰ বাহিৰে
আন একো নহয়
তথাপি মই
বাৰে বাৰে প্ৰেমত পৰো।