বালীলৈ যি পাট – অঞ্জুমণি শইকীয়া

pcFevim.com

( অণুগল্পৰ দৰেই )

* বালীলৈ যি পাট — **

বোৱাৰীয়েকে খুন্দি দিয়া ডাঙৰ চৰিয়াটোৰ পৰা পিঠাগুড়িখিনি দুভাগ কৰি তেওঁ ক’লে ,

“ এইয়া তোৰ ৷’’

“ হোঁ , মই ভজা খাই চা ৷’’

ধোৱা কাঁহি -বাতিবোৰ থ’বলৈ যাওঁতেই দুজনীয়া কণ্ঠস্বৰ তাইৰ কাণত পৰিল ৷

“ আটাইকেইটা খালে পায় , আচৰিত দেই — !’’

“ খাবলৈ পালেহে ! কেলেহুৱা ঘৰৰ যে —- ৷’’

বমি বমি ভাৱ এটা মনলৈ আহিল যদিও ফোনটো ৰিং হোৱা শুনি কাণ উনালে ৷

“ বাইদেউ , কি হ’ল ? কান্দিছ যে —– ? ’’

“ বুইছ , বিহুৰ দিনা ৰাতিপুৱাই ননন্দজনীয়ে মোক
“ টোকোনা ঘৰৰ “ বুলি কৈছে —– ৷’’

ওঁঠত হাঁহিৰ ৰেশ এটা লৈ তাই আঁতৰি গ’ল ৷

*****

– অঞ্জুমণি শইকীয়া ৷
যোৰহাট , মালৌ- আলি ( তিনি আলি )