বান সাহায্য প্ৰদানত খেলিমেলি কৰা উপায়ুক্তৰ ওপৰত খং মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

বান সাহায্য প্ৰদানত খেলিমেলি কৰা উপায়ুক্তৰ ওপৰত খং মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ চৌদিশে এতিয়া প্ৰলংকৰী বান।নিৰ্দেশ দিয়াৰ পিছতো বান সাহায্য প্ৰদানত খেলিমেলি কৰা উপায়ুক্তৰ ওপৰত খঙত অগ্নিশৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।একাংশ উপায়ুক্তৰ কাম কাজত অসন্তুষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।প্ৰতিখন জিলাৰ উপায়ুক্তকে মুখ্যমন্ত্ৰীৰ কেইটামান গুৰুত্বপূৰ্ণ নিৰ্দেশ।বান শিবিৰতেই নহয়, য’তেই বান তাতে পাব লাগিব খাদ্য। টকাৰ অভাৱ হ’লে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজি, SOPDৰ পৰা লওক ধন।আবদ্ধ লোকক উদ্ধাৰৰ বাবে ব্যৱহাৰ কৰক সেনা, NDRF, SDRF, বায়ুসেনা।উপায়ুক্তক সহায়ৰ বাবে যিমান মানুহ লাগে যুদ্ধকালীনভাৱে পঠোৱা হ’ব। উপায়ুক্তই প্ৰয়োজনত খাদ্য ৰান্ধিও খুৱাব লাগিব বন্যাৰ্তক।আশ্ৰয় শিবিৰলৈ গৈ বন্যাৰ্তৰ দুখ-দুৰ্দশাৰ বুজ লওক উপায়ুক্তই।প্ৰয়োজন সাপেক্ষে শিবিৰতে নিশা কটাওক উপায়ুক্ত, চৰকাৰী বিষয়াই।জিলাৰ সহায় লৈ হ’লেও উপায়ুক্তই বানাক্ৰান্ত অঞ্চলত যোগান ধৰক পশু খাদ্য।ক্ষতিগ্ৰস্তক সহায় কৰিবলৈ উপায়ুক্তই নিজেই ব্যৱস্থা ল’ব পাৰিব।ক্ষতিগ্ৰস্তক সহায়ৰ বাবে উপায়ুক্তই দিছপুৰৰ কোনো অনুমতি ল’ব নালাগে।গৰ্ভৱতী মহিলাক হাস্পতাললৈ অনাৰ দায়িত্ব স্বাস্থ্য বিভাগৰ।দিনে-নিশাই হাস্পতালত থাকিব লাগিব চিকিৎসক। প্ৰতিটো বানাক্ৰান্ত অঞ্চললৈ যাব লাগিব স্বাস্থ্য বিভাগৰ কৰ্মী।ক্ষতিপূৰণৰ তালিকা প্ৰস্তুত কৰোঁতে এমাহ ল’ব নোৱাৰিব চৰকাৰী বিষয়াই। বান কমাৰ লগে লগে দাখিল কৰিব লাগিব ক্ষতিগ্ৰস্তৰ তালিকা।অহা ২–৩ দিনলৈ নিজ নিজ জিলাত থাকিব লাগিব অভিভাৱক মন্ত্ৰীসকল।