বানৰ তাণ্ডৱ- ময়ূৰাক্ষী গগৈ

বানৰ তাণ্ডৱ

বাৰিষাৰ প্ৰৱল বৃষ্টিপাতে সৃষ্টি কৰিছে
ভয়ঙ্কৰ বানপানীৰ।
নৈ সমূহৰ পানী ফেনে ফোটোকাৰে বাঢ়ি
ধাৰণ কৰিছে কালৰূপৰ।
পানীৰ সোঁতে লৈ গৈছে সকলো,
চকুৰ পচাৰতে উটি গৈছে
সপোনৰ ঘৰখন।
ৰাষ্টা-ঘাট পানীৰ তলত থকাত
যাতায়তো বিছিন্ন হৈ পৰিছে।
নগৰৰ কৃত্ৰিম বানপানীত
নগৰবাসীয়ে নৰকযন্ত্ৰণা ভুগিছে।
নগৰীয়া আভিজাত্য যেন
হেৰাই গৈছে।
প্ৰাণৰ মায়াত নিৰাপদ স্থানলৈ
ঢাপলি মেলিছে।
কি আচৰিত!
পানীয়েই প্ৰাণ,অথচ
পানীয়েই আকৌ মৰণৰো বাট।

ময়ূৰাক্ষী গগৈ