অণুগল্প
বান্ধোন
আয়নাল হক ,ধুবুৰী
“পৰ জনমৰ শুভ লগনত—” দুধাৰি চকুলো বৈ গ’ল তাৰ।
“সোণ, হৈ যোৱাটো জানো নোহোৱা কৰিব পাৰিবি ? আয়ুস চাগৈ তাইৰ সিমানেই আছিল। আজি দুমাহ পাৰ হ’ল তাই সিপুৰীলৈ যোৱা। ল’ৰাটোৰ মুখলৈ চাই তই ধৈৰ্য নধৰ কিয়?”
“মা,মই নহ’লেও তই তাক ডাঙৰ কৰিব পাৰিবিনে ?”
“কিন্তু তই নহ’লে মোৰ কি অৱস্থা হ’ব এবাৰ ভাবি চাইছনে?”