বানপানী
ৰুমী কলিতা দত্ত, ডিব্ৰুগড়
জীৱন সংগ্ৰামত সাঁতোৰ দি ভাগৰি নপৰিবা !
জীৱন মানেইটো সংগ্ৰাম,
বানপানীৰ আদিপাঠ আমিও পঢ়িলোঁ বহুত
টুলুঙা নাৱৰ টুলং-ভুটুঙত
সৌ সিদিনা জোবোৰা খাই এতিয়া সাঁতুৰিবলৈ শিকিলোঁ ।
জীৱনৰ বাটত প্ৰতি শিৰে শিৰে সংঘাত
কলৰ ভূৰখনেই হ’ব জীয়াই থকাৰ সম্বল
মাথোঁ লক্ষ্য স্থিৰ কৰি আগবাঢ়া ।
ব্ৰক্ষ্মপুত্ৰৰ দুয়োপাৰৰ শ্যামলী বুকুত
অনন্তকাল জুৰি অনন্ত বাৰিধাৰা ,
ব্ৰক্ষ্মপুত্ৰৰ বানে অসমীয়াৰ অন্তৰত
কৰিছিল আশাৰ সঞ্চাৰ
চটিয়াই পথাৰত সোণ ফুলাৰ সপোন ,
বিনন্দীয়া ৰূপেৰে মানুহৰ অন্তৰত
জগাইছিল আত্মপ্ৰত্যয় ।
কিন্তু,
আজি ব্ৰক্ষ্মপুত্ৰৰ বুকুত কিহৰ ওখল-মাখল
কিহৰ পুৰণি,কি নোপোৱাৰ বেদনা ?
গুজৰি-গুমৰি সৃষ্টি কৰিছে প্ৰলয় ,
মেঘৰ মাদল বাজিলেই
উফন্দি উঠে নদী ।
ধ্বংসৰ শিঙা বজাই বজাই
উগ্ৰচণ্ডা দুৰ্বাসাৰ সৰ্বগ্ৰাহী মূৰ্তিৰে
গৌৰৱৰ গৰিমাৰ প্ৰতিভূ নহৈ
দুখলৈ পৰিবৰ্তন হয় জলৰাশি ।
পৰিত্ৰাণৰ উপায় বিচাৰি
কৰে হাহাকাৰ অসমীয়াাই
নদীবোৰৰ নিয়তিৰ হাতৰ পুতলা হৈ ।
বানৰ বিভীষিকাই দুখীয়া-নিচলাৰ
বেঁকা কৰে ৰাজহাড় চিৰকাললৈ
আকৌ কেতিয়া ৰাজহাড় পোন হ’ব
সেইয়া সন্দেহ ৰৈ গৈছে অনিদিষ্টকাললৈ ।