বানপানী
চৌদিশে বানপানী
বন্যাৰ্তৰ হিয়াভগা কান্দোন
আৰু মৃত্যুৰ বিভীষিকা ,
জপিয়াই ফুৰা শিশুজাক
থমকি ৰয় ,
স্তব্ধ হয় জনজীৱন ৷
উটুৱাই লৈ যায় আশাৰ কঠীয়াবোৰ ,
স্কুল-কলেজ, ঘৰ-দুৱাৰ, দোকান-বজাৰ
নিঃশেষ হৈ যায় পলকতে ৷
মানুহ আৰু জীৱ-জন্তুৱে আশ্ৰয় লয়
কোনোবা ওখ ঠাইত ,
এমুঠি অন্ন, বস্ত্ৰ, খোৱাপানীৰ বাবে
বাট চাই থাকে তেওঁলোকে
কি যে হৃদয়বিদাৰক দৃশ্য !
সমাধান নাই নে ইয়াৰ ?
মন মোৰ কৰে হাহাকাৰ ৷
-অৰুণা গোস্বামী
তিতাবৰ