বাটে পথে শিতান ২
সিদিনা শুনিবলৈ পালোঁ নিজ পিতৃদেৱক বোলে জীৱন্ত অৱস্থাতে শ্মশানত থৈ দিলে। মানুহ ইমান নিষ্ঠুৰ হ’লনে? আগতে ৰজাসকলে বোলে ৰাজ্যখন কিমান ভালকৈ চলিছে চাবলৈ চোৰাংচোৱা
মেলিছিল, যাতে কাৰো কষ্টত দিন নাযায়, সকলো প্ৰজা সুখ-শান্তিত থাকে। বৰ্তমানো “আচ্ছে দিন আনেৱালা হে”ৰ দিনত সেই পুৰণি পন্থা যদি অৱলম্বন কৰে তেতিয়া চাগৈ আৰু আচ্ছে দিন হ’ব। কোনেও কাকো লুকাই চুৰকৈ বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব, অন্যায়ও কৰিব নোৱাৰিব। কাৰণ দেশখন আনন্দমুখৰ হ’লে, ৰাজ্যখনৰ নাম উজ্জ্বল হ’ব আৰু এনেকুৱা নিষ্ঠুৰ বাতৰি প্ৰকাশো নহয়।
দীপিকা বৰুৱা,
যোৰহাট