বহু আধৰুৱা সপোন আৰু কিছু আক্ষেপ লৈ গুছি গ’ল চন্দন শৰ্মা
ৰঙিলী বাৰ্ত্তাসেৱা- অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সচিবৰ দায়িত্বত আছিল চন্দন শৰ্মা৷ ইংৰাজী ভাষাত দক্ষ মানুহজন যিদৰে বিভিন্ন ড্ৰাফটিঙত নিপুণ আছিল, একেদৰে কাৰ্যালয় সম্পৰ্কীয় কাম-কাজবোৰতো পাৰদৰ্শী আছিল। ওখ খাপৰ বহু মানুহক তেওঁ জানিছিল আৰু তেওঁকো বহু মানুহে চিনি পাইছিল।তেনে বহু লোকৰ সৈতে থকা বন্ধুত্বসুলভ সুসম্পৰ্কৰ কাৰণে কিবা কামৰ দায়িত্ব দিলে, কামটোক লৈ আৰু চিন্তা কৰি থাকিব লগা নহৈছিল । সচিবালয়ৰে হওক বা দিছপুৰৰে হওক অথবা অন্য বিভাগৰে হওক- সকলো কাম তেওঁ নিয়াৰিকৈ সম্পাদন কৰিছিল । দিল্লীত কিবা কাম থাকিলে আগতে ড° পৰমানন্দ ৰাজবংশীৰ লগত প্ৰায়েই লৈ গৈছিল৷ কাৰ্যকালত সভাৰ কাম-কাজসমূহৰ পৰিসৰ বাংলাদেশ, নেপাল, চিঙ্গাপুৰ আদি কেইবাখনো বিদেশী ৰাষ্ট্ৰলৈ সম্প্ৰসাৰিত হৈছিল । সকলোতে তেওঁক লৈ যোৱা হৈছিল । বৰ্হি ৰাষ্ট্ৰত হ’ব লগা কাম-কাজ বা যোগাযোগৰ কাৰণে৷সকলো সময়তে তামোল এখন মুখত আছিলেই । লগতে বন্ধুত্ব আছিল চিগাৰেটৰ সৈতেও।হয়তো এনে বস্তুবোৰেই কাল হ’ল চন্দনৰ। অকস্মাতে শৰীৰত আৱিষ্কাৰ হ’ল কৰ্কট ৰোগৰ বিষাক্ত বীজাণু । অকণমানো মন ভাঙিবলৈ নিদি চন্দন শৰ্মাই চিকিৎসা আৰম্ভ কৰিলে । প্ৰথমে গুৱাহাটীত, তাৰ পাছত মুম্বাইৰ টাটা মেম’ৰিয়েলত । চিকিৎসাৰ অৰ্থব্যয় বহুত, তথাপি তেওঁ চিকিৎসাত অকণো ত্ৰুটি নকৰিলে । সেইদিনবোৰতে কেইজনমান লোকৰ আমানৱীতাৰ বলি হ’ল চন্দন । মনত দুখ পাইছিল তেওঁ। কেতিয়াবা তাৰকাৰণে আক্ষেপো কৰিছিল । কিন্তু আশা এৰা নাছিল । মানৱীয়তা সাৰ পাই উঠিব বুলিও আশা কৰিছিল । তাৰ মাজতে চন্দনৰ ঘৰখনে , হয়তো আত্মীয়-স্বজনে চন্দনক সুস্থ কৰি তুলিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল ।প্ৰচণ্ড আশাবাদ আছিল চন্দনৰ। মাজে মাজে যেতিয়া ফোন কৰি চন্দনক কওঁ, চিন্তা নকৰিব, প্ৰভুৱে কৃপা কৰিব”, তেতিয়া চন্দনে প্ৰৱল প্ৰত্যয়ৰে কৈছিল, ” সকলোৱে মোৰ বাবে প্ৰাৰ্থনা কৰিছা, চাবা, মোৰ একো নহয়, মই ভাল হ’ম “। ৰোগীৰ বিছনাৰ পৰাই সুধিবলৈ নাপাহৰিছিল – “ঘৰত সকলো ভালে আছে নহয় ? বাবা-মাইনা দুটা ভালে আছে নহয় ?”কিন্তু ভাল হ’ম বুলি সদায় মনক দৃঢ় কৰি ৰখা চন্দন ভাল নহ’ল । মুম্বাইৰ টাটা মেম’ৰিয়েলৰ চিকিৎসকে হয়তো জনাইছিল । বৰ্ষীয়ান জন্মদাতৃ আৰু ল’ৰা-ছোৱালী দুটিক এবাৰ চাই যাওক বুলিয়েই হয়তো যিকোনো প্ৰকাৰে মুম্বাইৰ পৰা গুৱাহাটীলৈ লৈ অহাৰ সিদ্ধান্ত ল’লে । অক্সিজেনৰ চাপৰ্টত মৃত্যুৰ ক্ষণ গণি থকা চন্দনক চিকিৎসকসহ এখন এম্বুলেন্সযোগে লৈ গুৱাহাটীলৈ আনিলে । গুৱাহাটী পোৱাৰ পাছতে বি বৰুৱা কেন্সাৰ ইনষ্টিটিউতত এডমিট কৰা হ’ল । কিন্তু মাথোঁ কেইঘণ্টামান ।চন্দন শৰ্মায় মেলানি মাগিলে ।এজন ভাল মানুহৰ বিয়োগ হ’ল । বুকুখন বৰকৈ বিষাইছে । ভাল পাইছিলোঁ চন্দনক। যেন এজন ককাইদেউৰ বিয়োগ হ’ল । ভগৱানে তেওঁৰ বিদেহ আত্মাক পৰম শান্তি দান কৰক ৷কটন কলেজিয়েট ৭৯ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ , ৰাজ্যিক বেডমিণ্টন খেলুৱৈ, বিশিষ্ট চিত্ৰনাট্যকাৰ, সাহিত্য সেৱী ,অসম সাহিত্য সভাৰ কাৰ্যালয়ৰ সচিব চন্দন শৰ্মাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰা হ’ল৷