বহাগ-হিমাশ্ৰী বৰা

বহাগ

১/
পমি আহিল
নেদেখা-নুশুনা ব্যাধিৰ ধুমুহা
ফৰকাল দৈনন্দিনে খাটনি ধৰিলে
প্ৰাণৰ বহাগক এইবাৰ পূৰ্ণোদ্যমে আদৰা ।
২/
বৰপিতায়ে বলধহালক ন-পঘা পিন্ধালে
পেহীটিৰ বিহুৱানকেইখনে ভালপোৱা বিলালে
বাপতি সাহোনে সগৰ্বে দেখুৱালে
সম্প্ৰীতিৰ এনাজৰীত শক্তি উথলে ।
৩/
আপোন সুবাস বিচাৰি
উন্মাদ কংক্ৰীটৰ ৰাংঢালীজনী
মঞ্চত কাৰ চেনাইয়ে বা জুৰিছে ,
‘কৃষ্ণাইৰ মূৰতে বকুল ফুল এপাহি’ ।
৪/
নতুনৰ সুঘ্ৰাণ সিঁচি
ফুলি আছে বসন্তৰ ফুল
সীমাহীন প্ৰত্যাশাত ফুটে –
‘বহাগে সানিব বোল ,
বাহিৰ হ’ব বিদ্বেষৰ হুল ।’
হিমাশ্ৰী বৰা ,
তিনিচুকীয়া