বশিষ্ঠ বিদ্যাপীঠ এম ই স্কুলত গছপুলি ৰোপণ 

বশিষ্ঠ বিদ্যাপীঠ এম ই স্কুলত গছপুলি ৰোপণ 

ৰঙিলী বাৰ্ত্তাসেৱা-   অসম চৰকাৰৰ বন  বিভাগে ছাত্ৰ – ছাত্ৰীৰ মাজত পৰিৱেশ সজাগতা সৃষ্টিৰ বাবে চৰকাৰী – বেচৰকাৰী শিক্ষানুষ্ঠানত গছপুলি ৰোপণৰ বাবে  গ্ৰহণ কৰা আঁচনিৰ  অংশ হিচাপে  বন বিভাগৰ  পূব কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত   দক্ষিণ গুৱাহাটী আঞ্চলিক বন বিষয়াৰ  কাৰ্যালয়ৰ তত্ত্বাৱধানত  বশিষ্ঠ  খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত  আজি বশিষ্ঠ বিদ্যাপীঠ এম ই  স্কুল চৌহদত  গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ।   গছপুলি ৰোপণ  কাৰ্যসূচীৰ শুভাৰম্ভ কৰে  বন বিভাগৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক সন্দীপ  কুমাৰ আৰু  বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বিভা দাসে । এই উপলক্ষে অনুষ্ঠিত  অনুষ্ঠানত বন বিভাগৰ মুখ্য কাৰ্যালয়ৰ উপ বন সংৰক্ষক মতিউৰ  ৰহমান , গুৱাহাটী সামাজিক বনানিকৰণ সংমণ্ডলৰ ডি এফ অ বিনোদ পায়েং ,  পূব কামৰূপ বন সংমণ্ডলৰ  ডি এফ অ ৰোহিণী বল্লভ শইকীয়া ,  সহকাৰী বন সংৰক্ষক জনা ৰঞ্জন দাস ,  দক্ষিণ গুৱাহাটীৰ আঞ্চলিক বন বিষয়া  বিৰতী ইংতিপি  , বশিষ্ঠৰ খণ্ড বন বিষয়া পুলিন মহন্তকে ধৰি কেবাজনো বনপালক ,  বনৰক্ষী , বনকর্মী ,  বিদ্যালয়ৰ  শিক্ষক – শিক্ষয়িত্ৰী আৰু ছাত্ৰ – ছাত্ৰী   উপস্থিত থাকে । আনহাতে কাৰ্যসূচীৰ লগত সংগতি ৰাখি  খণ্ড  বিষয়া  পুলিন মহন্তৰ  নেতৃত্বত  এটা  বনকর্মীৰ দলে ছাত্ৰ – ছাত্ৰী সকলৰ সহযোগত  বিদ্যালয়  চৌহদত মহানিম ,ডালিম ,  দেৱদাৰু , নাহৰ , মধুৰিয়াম , আমলখিকে   ধৰি  গুৱাহাটীৰ পাৰিপাৰ্শ্বিক জলবায়ুৰ লগত খাপ খোৱা  থলুৱা প্ৰজাতিৰ প্ৰায়   ২৫  টা গছপুলি ৰোপণ  কৰি গৰু – ছাগলীয়ে খাব নোৱৰাকৈ চাৰিওকাষে চেকাৰ দিয়ে৷