‘বন্ধু-চাকি’ৰ বঁটা প্ৰদান অনুষ্ঠান

‘বন্ধু-চাকি’ৰ বঁটা প্ৰদান অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- কবি নীলকান্ত শইকীয়ালৈ অলপতে আগবঢ়োৱা হয় ২০২৪ বৰ্ষৰ বন্ধু-চাকি সাহিত্য-বঁটা । যোৰহাটৰ ‘যোৰহাট প্ৰেছ-ক্লাব’ত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কবি-নাট্যকাৰগৰাকীক এই সন্মান প্ৰদান কৰে ‘বন্ধু-চাকি’ সাহিত্য- সংগঠনটোৱে। এই বঁটাৰ লগত আছে — গামোচা, চেলেং, সন্মান-পত্ৰ আৰু কিতাপৰ টোপোলা । স্বনামধন্য কবি দিলীপ ফুকনে নীলকান্ত শইকীয়াৰ হাতত এই বঁটাটি অৰ্পণ কৰে। বঁটাটি আগবঢ়াই দিয়া ভাষণত ফুকনে কয়, ‘ কবিতা : আত্মবিলীন চেতনাৰ ৰঙেৰে সজোৱা এখন অসীম জগৎ’। বঁটাটো গ্ৰহণ কৰি নীলকান্ত শইকীয়াই কয় : ‘কবি, কবিতাৰ বাধ্য ছাত্র।এই অনুষ্ঠানতে, বয়স নিৰ্বিশেষে কবি-প্ৰতিভাৰ সন্ধানত ‘বন্ধু-চাকি’য়ে আয়োজন কৰা কবিতা-প্ৰতিযোগিতাৰ নিৰ্বাচিত আঠগৰাকী কবিলৈ আগবঢ়োৱা হয় ‘বন্ধু-চাকি বঁটা’। অনুষ্ঠানটিত সভাপতিত্ব কৰে কবি-নিবন্ধকাৰ ড০ জ্যোতিৰেখা হাজৰিকাই। লেখক-সাংবাদিক অজন্ত কুমাৰ বৰাই আঁত ধৰা আৰু, জোনমণি বৰুৱাৰ সহযোগিতাত অনুষ্ঠানটো বন্তি-প্ৰজ্বলনৰ পাছতে — প্ৰখ্যাত আবৃত্তিকাৰ ৰিজুমণি শইকীয়া তামুলী আৰু কণমানি অদিভিৎ বৰাৰ কবিতা-আবৃত্তিৰে আৰম্ভ হয়। ইয়াৰ পাছতে, ‘বন্ধু-চাকি’ৰ সভাপতি উদয় কুমাৰ শৰ্মাই আদৰণী-ভাষণত কয় যে ‘খ্যাতিৰ কথা, আমি নভবাই ভাল। খ্যাতি হ’ল : গছৰ ছাঁৰ দৰে ; আচল কথাটো হ’ল : গছজোপা’৷কেইবাগৰাকীও স্বনামধন্য লেখক-কবিৰ উপস্থিতিত, বিয়লি অনুষ্ঠিত হয় ‘কবিতাৰ আড্ডা’ । ভালেমান কবিতানুৰাগীয়ে ভাগ লোৱা — এই আড্ডাত, কবি ডা° মাখন কলিতা, কবি-সমালোচক ৰাজীৱ বৰা, স্বপ্নালী কলিতা আৰু গাৰ্গী ভূঞাই নিজৰ কবিতা একোটাৰ নিৰ্মাণৰ বিষয়ে কয়।