বন্ধুত্ব–কল্পনা দত্ত
বন্ধুত্ব এটি মিঠা শব্দ। এই শব্দটিৰ মাজত লুকাই আছে অসীম মৰম, ভালপোৱা, বিশ্বাস আদি। বন্ধুত্ব হব পাৰে বহুজনৰ আশাৰ ভৰসাৰ স্থান। বন্ধুত্বই আনি দিব পাৰে জীয়াই থকাৰ প্ৰেৰণা, সাৰ্থক হব পাৰে অপূৰ্ণ বাসনা। বিশ্বাসী বন্ধুক অমূল্য সম্পদ বুলিবও পাৰি। কিয়নো এনে বন্ধুৱে আমাক অবাতে যোৱাত বাঠা দি সৰ্তক কৰি দিয়ে। আৰু বিপদত সহায়ৰ হাত আগবঢ়াব পাৰে। বন্ধুৰ স.. বিবেচনা আৰু সহানুভুতিয়ে আমাৰ জীৱন উন্নীত কৰে। বন্ধুত্ব হ’ব পাৰে যিকোনো বয়সৰ মানুহৰ মাজত, ইয়াত লিংগ বা জাতিৰ বৈষম্যতা আহি নপৰে। বিপৰীত লিংগৰ বন্ধুৰ মাজতো পৱিত্ৰ বানেধোন থাকিব পাৰে। সাহস, ধৈর্য, ভালপোৱা, মৰম, সৎ উপদেশ আদি ইজনে সিজনক অকপটে দান কৰিব লাগে, তেতিয়াহে বন্ধুত্বই পূৰ্ণতা পায়। বন্ধুত্ব দুখন হৃদয়ৰ মাজত অহৰহ বৈ থকা নুশুকুৱা নৈৰ দৰে।
জীৱনৰ বিভিন্ন পৰিস্থিতি আৰু স্তৰ বন্ধুত্ব স্থাপন হ’ব পাৰে বিভিন্নজনৰ লগত। বয়স বাঢ়ি অহাৰ লগে লগে বন্ধুত্ব প্ৰকৃতিৰো পৰিৱৰ্তন হয়। আমি সদায় অন্তৰত বন্ধুত্বৰ ছবি এখন কঢ়িয়াই লৈ ফুৰো। আমাৰ জীৱনকালৰ জটিল স্থানবোৰত বিচাৰো বন্ধুই আমাক মৰমৰ প্ৰণেতা দিয়ক। বন্ধুত্ব স্থাপনৰ ক্ষেত্ৰত দুজন ব্যক্তিৰ সম্পূৰ্ণ ধ্যান-ধাৰণা, আদৰ্শ একে নহবও পাৰে। দুজন বিপৰীত চৰিত্ৰৰ মানুহৰ বন্দুত্ব হ’ব পাৰে নিৰ্ভেজাল। আমি জীৱনত সফলতাৰে আগবাঢ়ি যোৱাত বন্দুজনে যদি উদগনি দিয়ে তেন্তে তেওঁ মানসিকভাৱে শক্তিশালী হোৱাটো দৰকাৰী। সত্যনিষ্ঠ, সুৰুচীসম্পন্ন বন্ধুৱে আমাক সঠিক পথৰ সন্ধান দিয়ে। আমি সেইবাবে বন্ধু নিৰ্বাচন কৰোতে সদায় নিজতকৈ উচ্চ পৰ্যায়ৰ চাৰিত্ৰিক গুণ- সম্পন্ন ব্যক্তিকহে বন্ধু হিচাপে নিৰ্বাচন কৰিব লাগে।
বন্দুত্বৰ স্তৰ বিভিন্ন হব পাৰে। শিশু অৱস্থাত মানুহে বিচাৰে পিতৃ-মাতৃৰ পৰা মৰম ভালপোৱাৰ লগতে বন্ধুত্বৰ আচৰণ। সকলো কথা সিহতে মাক-দেউতাকক অকপটে ব্যক্ত কৰিব বিচাৰে এজন বিশ্বস্ত বন্ধুৰ দৰে।পিতৃ-মাতৃয়েও সিহতক যিমান পাৰি বন্ধুৰ দৰে আচৰণ কৰিব লাগে। সাহতক যিমান পাৰি বিশ্বাস দিব লাগিব যে পিতৃ-মাতৃৰ সমান পৰম বন্ধু নাই। প্ৰায় পিতৃ-মাতৃকে দেখা যায় সন্তানক অকৃত্ৰিম মৰমৰ মাজত বান্ধি ৰাখে। সন্তানে যি বিচাৰে তাকে চকুৰ সন্মুখত আনি দিয়ে, কোনো বস্তুৰে অভাৱ দিব নিবিচাৰে, কিন্তু সন্তানে যিটো বিচাৰে তাকে দিবলৈ তেওঁলোক অপৰাগ হয়, সেইটো হৈছে সময়।
কৈশোৰ বা যৌৱন অৱস্থাতো মানুহে বন্ধুৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰে। সমবয়ষ বন্ধুৰ সংগ পায় যদিও পিতৃ-মাতৃৰ পৰা আশা কৰে বন্ধুত্ব সুলভ আচৰণ। সিহতৰ কৈশোৰ বা যৌৱন কালৰ মানসিক বা শাৰীৰিক অৱস্থাৰ বিষয়ে সিহতে পোনপ্ৰথমে মাতৃক কব বিচাৰে বন্ধু হিচাপে। মাতৃয়ে সিহতৰ এই সন্ধিক্ষণত মানসিক জগতখনত উপস্থিত হব লাগিব বিশ্বস্ত বন্ধুৰূপে তেতিয়া সিহতে নিজৰ অজ অজ্ঞাত হলেও অবাটে যোৱাৰ পৰা বিৰত থাকিব। সকলো কথা খোলা-খোলিকৈ সিহতৰ লগত মুকলিমুৰীয়াকে পাতিব লাগে তেতিয়াহে সিহতে সংগদোষৰ পৰা আতৰি থাকিব।
সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে স্বামী-স্ত্ৰীৰ মাজৰ সম্পৰ্ক। বিাৰ পিছত স্বামী-স্ত্ৰী সদায় বিশ্বস্ত বন্ধুৰ দৰে ইজনে-সিজনৰ ওচৰত থাকিলে সেই সংসাৰখন সুখৰ হয় আৰু কেতিয়াও অবিশ্বসৰ বা সন্দেহৰ মাজত থাকিব নালাগে। দীঘলীয়া সাংসাৰিক জীৱন অতিক্ৰম কৰোতে কেতিয়াবা ভূল বুজাবুজি হ’লেও বিশ্বাস সদায় অটুট থাকিলে সংসাৰত সংঘাটে দেখা নিদিয়ে। স্বামী-স্ত্ৰীয়ে সুখ-দুখ, বিপদ-আপদ সকলো ক্ষেত্ৰতে বন্ধুৰ দৰে হাতত হাত থৈ আগবাঢ়িব লাগে। তেতিয়াহে সন্তানেও তেওঁলোকৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ জীৱন উন্নত কৰিব পাৰিব।
শেষত ইয়াকে কওঁ বন্ধু হৈছে অমুল্য সম্পদ ,জাৱনৰ যিকোনো স্তৰতে এই সম্পদ সতৰ্কতাৰে চম্ভালি ৰখাটোহে গুৰুত্বপূৰ্ণ কথা।
কল্পনা দত্ত,
গান্দিবস্তী, গুৱাহাটী – ০৩