বন্ধুত্ব-এক বিমল অনুভুতি -মানসী মিশ্ৰ
এনে কিছুমান মূহৰ্ত প্ৰতিজন ব্যক্তিৰ জীৱনলৈ আহে, যিটো সময়ত এজন বন্ধুৰ প্ৰয়োজন বাৰুকৈয়ে অনুভৱ কৰা হয়। জীৱনটোত প্ৰতিজন ব্যক্তিৰ বাবে নিজৰ পিতৃ-মাতৃ পৰিয়ালৰ মানুহ বোৰ যিমান আপোন, মৰম চেনেহৰ প্ৰকৃত বন্ধুজনো তাতকৈ কোনো গুণে কম নহয়। মানুহৰ জীৱনত এই বিভিন্ন সম্বন্ধবোৰ ভূমিকাহে বেলেগ বেলেগ হোৱা দেখা যায়।যেতিয়া জীৱনলৈ কোনো প্ৰেৰণাদায়ক মূহুৰ্ত আহে অথবা কোনো দুখৰ মূহুৰ্ত আহে সেয়া সমানে ভাগ বটোৱাৰা কৰিবলৈ এজন ভাল বন্ধুৰ প্ৰয়োজন অনুভৱ কৰা হয়। বন্ধুত্ব এনে এক পবিত্ৰ সম্পৰ্ক আৰু এক নিৰ্ভেজাল অনুভুতি। আমি সদায় মন কৰো কিবা এটা দুখবেদনা,গুৰুত্বৰ সমস্যা এটা হʼলʼ সেইখিনি ভগাই লʼবলৈ, তাৰ অংশীদাৰ হবলৈ বহুত মানুহ ওলায়। কিন্তু কোনো মানুহৰ যদি বিশেষ কিবা সফলতা আহে, সাফল্য আহে তাৰ অংশীদাৰ হোৱা মানুহৰ সংখ্যা,সেয়া সম্পূৰ্ণ আন্তৰিকতাৰে ভাল পাব পৰা মানুহৰ সংখ্যা কম হয়। বন্ধুত্ব এনে এক সম্পৰ্ক যত ব্যক্তিজনে প্ৰকৃতাৰ্থত আনৰ সুখত সুখী আৰু দুখত দুখী হʼবলৈ আগবাঢ়ি আহে। পৰিয়াল-পৰিজনৰ পৰা কোনো মানুহে বহুসময় ধৰি আঁতৰত থাকিলেও,ইয়াৰ অভাৱ বহুখিনি কমাই ৰাখিব পাৰি। এই বন্ধুত্বৰ দৰে এক স্বাৰ্থহীণ,নিৰ্ভেজাল সম্পৰ্কক মনত পেলাবলৈ আগষ্ট মাহৰ প্ৰথমটো দেওবাৰে বিশ্ব বন্ধুত্ব দিৱস পালন কৰা হয়। বিশ্বায়নে সমগ্ৰ পৃথিৱীখনকে এখন ঘৰলৈ ৰূপান্তৰিত কৰা সময়তে, কম্পিউটাৰ, ইণ্টাৰনেটৰ অভিনৱ চমকপ্ৰদতাৰ বাবে এই দিৱস বিশেষ জনপ্ৰিয় হৈছে এই বিভিন্ন দিৱস সমূহ। বিশ্ব মাতৃ দিৱস, বিশ্ব পিতৃ দিৱস,বিশ্ব প্ৰেমৰ দিৱস আদিৰ দৰেই সৰ্বত্ৰ জনপ্ৰিয় হৈ পৰিছে বিশ্ব বন্ধুত্ব দিৱস। অৱশ্যে হৃদয় আৰু মনেৰে ভালপোৱাজনক অৰ্থাৎ বিশ্বাস আৰু মৰম যি সকলৰ প্ৰতি থাকে, যিসকলৰ লগত বিপদে আপদে সম্পূৰ্ণ সহযোগী হৈ থকা যায়, সেইসকল ব্যক্তিক মনত পেলাবলৈ অথবা মনত ৰাখিবলা আচলতে কোনো বিশেষ দিনৰ প্ৰয়োজন নাথাকে। সেইসকল ব্যক্তিৰ উপস্থিতিৰ অনুভৱ হৃদয়ৰ চুকেকোণে সকলো সময়তে থাকে। কিন্তু বৰ্তমানৰ যান্ত্ৰিকতাময় যুগত কৰ্মব্যস্ততাৰ মাজত থাকি প্ৰায়ে প্ৰত্যেকজন মানুহৰ মাজত থাকি এই বিভিন্ন দিৱস আদি পালন কৰা একোটা উপলক্ষ, আনুষ্ঠানিকতা মাত্ৰহে। সেই বিশেষ দিৱসটো সেইসকলৰ বাবে সুৰক্ষিত, তেওঁলোকৰ লগত মুকলিকৈ আনন্দ,বিনোদন কৰাৰ সুন্দৰ সুযোগ মাত্ৰ। বন্ধুত্বৰ দৰে এক মধুৰ সম্পৰ্ক যি সম্পৰ্কত মৰম, চেনেহ, আন্তৰিকতাৰ বাহিৰে কোনো স্বাৰ্থপৰতা আৰু কৃত্ৰিমতা নাথাকে। থাকে মাথোন শ্ৰদ্ধা,বিশ্বাস আৰু সততা। এনে এটি সম্পৰ্কক অৱলম্বন কৰিয়েই প্ৰত্যেকজন মানুহেই জীৱন বাটত আগবাঢ়ি যায় আৰু জীৱনৰ বিভিন্ন পয্যায়ত আহি সুখ,দুখ,হৰ্ষ,বিষাদ,যন্ত্ৰণাৰ অনুভৱ আদি বন্ধুসকলৰ সৈতে সহজে খোলা খুলিকৈ পাতিব পাৰি। প্ৰত্যেক মানুহেই জীৱনত ভিন ভিন সময়ত কিছুমান সমস্যাৰ মুখামুখী হʼবলগীয়া হয় উদাহৰণস্বৰূপে নিজৰ ব্যৱসায় বানিজ্য,চাকৰি বাকৰি লৈ উদ্ভৱ হোৱা সমস্যা প্ৰম প্ৰীতি বিবাহ আদিক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা সমস্যা, পাৰিবাৰিক কতাক লৈ হোৱা সমস্যা, যি সমূহৰ কথা পৰিয়ালৰ আপোন মানুহৰ লগত পাতিবলৈ অসুবিধা হয়।জীৱনত এনে কিছুমান কঠিন মূহুৰ্ত আহে, কঠিন সমস্যা আহে যিসমূহৰ সদুত্তৰ আপুনি সদায় নিজৰ আপোন মানুহ বুলি, আত্মীয় মানুহ বুলি ভাবি থকা লোকসকলৰ পৰা সহযোগিতা নাপায়েই বৰং আপোনাৰ পৰা সুযোগ বুজি সোইসকল ব্যক্তিয়ে আঁতৰি ফুৰাহে পৰিলক্ষিত হয়। গতিকেএনে বহুত কঠিন মূহুৰ্তত আপেনাৰ বাবে সহায়ক হয় আপোনাৰ বিশ্বাসী বন্ধুজন জীৱনত যদি কোনো কাৰণত কিবা দূৰ্যোগ বা সমস্যাৰ হেতু আপুনি টকা-পইচা বা কোনো বিপদৰ পৰা উদ্ধাৰ পাবলৈ টান হয়, সেই সময়তো কিন্তু আত্মীয় স্বজনতকৈ সহায় কৰিবলৈ আগবাঢ়ি আহে আপোনাৰ বিশ্বাসী বন্ধুজন। আমি জীৱন কালত বিভিন্ন দনৰ লগত বিভিন্ন সম্পৰ্খেৰে বান্ধ খাওঁ। কাৰোবাৰ লগত সম্পৰ্ক হয় বৈবাহিক সূত্ৰে, কাৰোবাৰ লগত ৰক্তমাংসৰ জৰিয়তে। কিন্তু মানুহৰ লগত স্থাপন আৰু ৰক্ষা কৰাৰ ক্ষেত্ৰত সামাজিক বিভিন্ন নীতি নিয়মৰ মাজেদি যাবলগীয়া হয়। সেয়েহে বন্ধুত্বৰ পৰিধি বহুত ব্যাপক আৰু বিশাল। দুজন মানুহৰ মাজত বন্ধুত্বৰ এনাজৰীৰে বান্ধ খাবলৈ জাতি, ধৰ্ম, সম্প্ৰদায়ৰ বাধ্যবাধকতা নাই, কোনো বয়সৰ সীমাবদ্ধতা নাই। পৰস্পৰে ইজনে সিজনক বুজি পোৱা, পৰস্পৰৰ মূল্যবোধক গুৰুত্ব দিয়া, মৰম আন্তৰিকতা সম্পন্ন যিকোনো বয়সৰ মানুহৰ মাজত বন্ধুত্ব হʼব পাৰে। জীৱনৰ বেলেগ বেলেগ স্তৰত মানুহৰ মাজত বন্ধুত্বৰ সম্পৰ্ক স্থাপন হব পাৰে। কোনো হয় শৈশৱৰ খেলৰ লগৰী, কোনো হয় শৈশৱৰ সহপাঠী,বিভিন্ন শিক্ষানুষ্ঠানত বেলেগ বেলেগ পৰ্য্যায়ত পোৱা বন্ধুসকল, কৰ্মক্ষেত্ৰৰ জৰিয়তে লগ পোৱা ব্যক্তিসকল এই সকলোৰে মাজত বন্ধুত্ব স্থাপন হব পাৰে। যি বন্ধুত্বৰ সম্পৰ্ক সুদৃঢ় কৰি ৰাখিবলৈ ব্যক্তি দুজনে সদায় লগালগি হৈ থকাৰো প্ৰয়োজন নহয়। বিশ্বাস, মৰম, আন্তৰিকতা আজীৱন সেই সম্পৰ্ক অটুট ৰাখে। জীৱনৰ প্ৰয়োজনীয় মূহুৰ্তত সদায় আপোনাক সেই বন্দুৱে ছাঁৰ দৰে আৱৰি ৰাখে। মুঠতে বন্ধুত্ব এক নিৰ্ভেজাল অনুভুতি আৰু এনে বন্ধুত্বৰ উম আৰু নিৰাপত্তাৰ প্ৰচ্ছায়াত জিৰণি লবলৈ পোৱাজন সচাঁকৈয়ে ভাগ্যৱান। এই বন্ধুসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ, বিশেষভাৱে মনত পেলাবলৈ প্ৰতিবছৰে আগষ্ট মাহৰ প্ৰথমটো দেওবাৰত বিশ্ব বন্ধুত্ব দিৱস হিচাপে পালন কৰি আহা হৈছে. দৰাচলতে বিশ্বাস আৰু মৰম স্নেহৰ বান্ধোনেৰে একাত্ম হৈ থকা ব্যক্তিজন অৰ্থাৎ বন্ধুসকল কেতিয়াবা চকুৰ আঁতৰ হলেও মনৰ আঁতৰ হব নোৱাৰে। কৰ্মক্ষেত্ৰৰ তাগিদাত, সময়ৰ সীমাবদ্ধতাৰ আমি সঘনাই লগা লগি হোৱা বৰ্তমান সময়ত বহুক্ষেত্ৰত সম্ভৱ নহয়। তেনেস্থলত এই বন্ধুত্বৰ দিনটো আমাৰ সকলোৰে বাবে দৰাচলতে সুন্দৰ সুযোগ পৰস্পৰক শ্ৰদ্ধা, মৰম, চেনেহ যাছিবলৈ। নিজৰ জীৱনত বিভিন্ন স্তৰত এনে পৰোপকাৰী বন্ধুৰ পৰা যথেষ্ট উপকৃত হৈছো। গতিকে এই লেখনীৰ জৰিয়তে সেই সকলক মনত পেলাইছো, যিসকল আমাৰ প্ৰকৃত বন্ধু। যিসকল আমাৰ জীৱনৰ দুখ আৰু সুখ প্ৰতি মুহুৰ্ততে ছাঁৰ দৰে লাগি আছে।সকলোৰে বাবে সময়বোৰ সুন্দৰতাৰে মধুময় হওক। এনে এটি সুদিনত সকলো বন্ধুলৈ শুভকামনা জনাইছো আৰু আশা কৰিছো বন্ধুত্বৰ সম্পৰ্ক সদায় সুদৃঢ় হৈ থাকক।