বন্ধন বেংকৰ অসম শাখাৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে জুবিন গাৰ্গ নিযুক্তি 

pc- koimoi

বন্ধন বেংকৰ অসম শাখাৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে জুবিন গাৰ্গ নিযুক্তি 

ৰঙিলী বাৰ্ত্তাসেৱা- জনপ্রিয় গায়ক গীতিকাৰ তথা অভিনেতা, ছবি নির্মাতা জুবিন গাৰ্গক বন্ধন বেংকে অসমৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিছে। ব্লেও এম্বেছাডৰ হিচাপে জড়িত হোৱাৰ হোৱাৰ শুভাৰম্ভণিৰ চিনস্বৰূপে জুবিন গাৰ্গে তেওঁৰ এটি নতুন গীতৰ মিউজিক ভিডিঅ’ মুকলি কৰে, যাঁত অসমৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি আৰু ঐতিহ্যৰ বিভিন্ন উপাদান প্রদর্শন কৰা হৈছে।বন্ধন বেংকৰ উদ্যোগত গানটোৰ লগতে ইয়াৰ ভিডিঅ’ নিৰ্মাণ কৰা হৈছে।গানটোত অসমৰ বিহুগীত, চাহ বাগানীয়া গীত, গোৱালপৰীয়া লোকগীত আদি মিশ্রণ ঘটিছে। গীতৰ ভিডিঅ’টোত অসমৰ পৰম্পৰা, কৃষ্টি-সংস্কৃতি আৰু মনোমোহা প্রাকৃতিক সৌন্দর্য দেখুওৱা হৈছে। ভিডিঅ’টোত জুবিন গাৰ্গক অসমৰ বিভিন্ন প্রাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ বৈশিষ্ট্যমূলক স্থানত শ্বুটিং কৰা দেখা গৈছে, যাঁত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ব্রহ্মপুত্র নৈ বাগিচা পাৰ, বোকাময় পথাৰ আৰু অসমৰ চাহ বাগিচা।