বতৰৰ পূৰ্বানুমান ২৬ মে’ত উৰিষ্যা-বংগ-অসমৰ উপকূল অতিক্ৰম কৰিব ঘূৰ্ণীবতাহ য়াছে,
অনলাইন বাৰ্ত্তাসেৱা- অহা ২৬ মে’ত উৰিষ্যা-বংগ-অসমৰ উপকূল অতিক্ৰম কৰিব ঘূৰ্ণীবতাহ য়াছে। ১৫৫-১৬৫ কিলোমিটাৰ প্ৰতি ঘণ্টাবেগত বতাহৰ গতিবেগৰ সৈতে এক অতি তীব্ৰ ঘূৰ্ণীবতাহ অসমকে ধৰি উৰিষ্যা-বংগ জোকাৰী যাব পাৰে বুলি কলকাতাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উপ-সঞ্চালক সঞ্জীব বন্দোপাধ্যায়ে কয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ পৰিৱেশ বিষয়াসকলৰ সৈতে এক জৰুৰী আলোচনাত মিলিত হৈ ঘূৰ্ণি য়াছে সৃষ্টি কৰিব পৰা পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ বুলি কৈ বিভিন্ন পৰামৰ্শ দিছে। কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলক প্রধানমন্ত্রীয়ে নির্দেশ দিছে যে এতিয়াৰে পৰা সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ সৈতে অনবৰতে সমন্বয় ৰক্ষা কৰি চলে আৰু সৰ্বাধিক ক্ষতিৰ সন্মুখীন হ’বলগীয়া এলেকাসমূহৰ পৰা ৰাইজক সময় থাকোতেই নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিব পৰা যায়। ইফালে এন ডি আৰ এফৰ মুৰব্বীগৰাকীয়ে ৰাজ্য চৰকাৰসমূহক অতি শোচনীয় পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ সাজু হ’বলৈ পৰামৰ্শ দিছে। উল্লেখ্য যে ২৬ মে’ৰ সন্ধিয়া ১৫৫-১৬৫ কিলোমিটাৰ বেগত বংগোপসাগৰৰ বুকুৰ পৰা আহি ভূ-পৃষ্ঠত খুন্দা মৰাৰ পাছতে এই সামুদ্রিক ঘূর্ণিজাকে প্রতি ঘণ্টাত ১৮৫ কিলোমিটাৰ বেগত তাণ্ডৱলীলা আৰম্ভ কৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সকীয়াই দিছে যে ইমান ভয়ংকৰ তথা শক্তিশালী এই সামুদ্রিক ঘূর্ণিজাকৰ প্ৰভাৱত পশ্চিমবংগ আৰু উত্তৰ ওড়িষাত প্রবল বৃষ্টিপাতো হ’ব। ইতিমধ্যে ভাৰতীয় বায়ুসেনা বাহিনীয়ে দুর্গত অঞ্চলত উদ্ধাৰ অভিযানৰ বাবে কলকাতা, গুৱাহাটী আৰু ওড়িষাত সাজু কৰি ৰাখিছে বায়ুসেনাৰ ১১ খনকৈ ট্ৰেন্সপ’ৰ্ট বিমান আৰু ২৫ খন হেলিকপ্টাৰ।
উল্লেখ্য যে য়াছৰ আগমনৰ লগে লগে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ব্যাপক প্রভাৱ পৰিব বুলি আই এম ডি এয়ে আজি সতর্কবাণী শুনাইছে৷ ধাৰাসাৰ বৰষুণৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা ব্যক্ত কৰা কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্রই আজি অসমৰ লগতে হিমাচল প্রদেশ, ঝাৰখণ্ড, উত্তৰাখণ্ড আৰু লাক্ষাদ্বীপকো সষ্টম হৈ ৰ’বলৈ নিৰ্দেশনা দিছে। উল্লেখ্য যে সামুদ্রিক ঘূর্ণি য়াছ নামটো দিছে . ওমানে। ওমাৰ্নৰ প্ৰচলিত ভাষাত য়াছৰ অৰ্থ হ’ল হতাশা।