বজালীত বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

pc Facebook

বজালীত বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বজালীৰ ভাবানীপুৰত ৪২৫ নম্বৰ মেধিকুচি মডেল প্ৰাথমিক বিদ্যালয় আৰু প্রাথমিক স্বাস্থ্য কেন্দ্ৰত থকা আশ্রয় শিবিৰ পৰিদৰ্শন কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি শিবিৰত থকা লোকসকলে প্ৰশাসনৰ পৰা লাভ কৰা সা সুবিধাৰো বুজ লয়। বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত ঘৰবোৰৰ পুনৰ নিৰ্মাণৰ বাবে সহায় আগবঢ়াব বুলি উল্লেখ কৰে। পহুমাৰা নদীৰ মথাউৰি শক্তিশালী কৰা আৰু ইয়াৰ ওপৰত পথ নিৰ্মাণৰ বাবে ৯ কোটি টকা অনুমোদন জনোৱাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সৈতে কালদিয়া নদীৰ উপচি পৰাৰ ফলত হোৱা বান পৰিস্থিতি আৰু ক্ষতিৰ বিষয়ে বুজিবলৈ বজালীৰ পাটাচাৰকুচিৰ কুৱাৰা অঞ্চলো ভ্ৰমণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকক সকলো সম্ভৱ সহায়ৰ আশ্বাস দিয়ে।পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীগৰাকীৰ লগত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰ আৰু  জিলা উপায়ুক্ত মতী কাবেৰী বৰকাকতি শৰ্মা উপস্থিত থাকে৷