বগলী পেহীৰ ভোগালী
তেলীয়া সাৰেঙৰ কাৰেঙত বহি
বগলী পেহীয়ে পাতিছে মেল
ভোগালী বুলি এইবেলি
নাপাতে নেকি বাৰু ৰাইজে অৰণ্যত খেল
চকুবন্ধা, ঘটভঙা , ধৰাধৰি আৰু
য’ত – যিমান খেল- ধেমালি
খেলিয়েই পাৰ কৰিলোঁ হেতেন
আমাৰ চেনেহৰ ভোগালী
জপং- জপং খোজ কাঢ়ি
আহিলো ইমান দূৰ বাট
ৰহিমলা ভনীকো বোলো লগাই যাওঁ
মৰমৰ এষাৰি মৌসনা মাত
পিছে গোটেই অৰণ্য খন চোন
তেনেই ৰিঙা- ৰিঙা
এমা- ডিমা মখা বোলে
অমিক্ৰণৰ ভয়তে লাগিছে পেপুৱা
কোনো- ক’তো নাই এই অৰণ্যত
নাই এফাঁকি বিহু নাম
ভেলাঘৰ সাজি ৰংঘৰৰ বাকৰিত
কেনেকৈনো বাৰু ভোজ – ভাত খাম
ভোগৰ ভোগালী আহিল বুলি
তোমাৰ মুখতো নাই চোন এধানি হাঁহি
কিয়নো আছা বাৰু সাৰেং মন মাৰি
ইয়াত অকলে- অকলে বহি
জানোঁ এইবোৰ কিনো খেল
খেলিছে পৰভু ঈশ্বৰে
আহিছিলো বোলো সকলোকে
মাতি যাওঁ দোমাহীৰ সবাহলে
অগনি দেউৰ শ্ৰীচৰণত পৰি
কৰিলোঁ হেতেন জয় দেউ কাকূতি
অপায়- অমঙ্গলৰ পৰা
পৰভূয়ে দিয়ে যেন মুকুতি
টুলুং- ভুটুং নাঁৱতেই উঠি
যাওঁগৈ তেনে ঘৰলৈ ঘূৰি
এনেদৰে বাঁহতে সোমাই- সোমায়ে চোন
সোনকালেই হ’ম আমি বুঢ়া- বুঢ়ী
ৰাইজ অলপ সাৱধান হ’লেই
দূৰ হ’ব পৃথিৱীৰ এই ৰোগ
আৰু বেলিলৈ ভোগালীত
তেহে কৰিব পাৰিমহঁক আমি ভোগ
টুপুং- টাপাং খোজেৰে
বগলী পেহীয়ে ল’লে ভোগালীৰ বিদায়
বগলী পেহীৰ দুখৰ সমভাগী সাৰেঙ
নিৰলে দুধাৰি লোতক নিগৰায়
গায়ত্ৰী দেৱী বৰঠাকুৰ
তেজপুৰ।