ফেব্ৰুৱাৰী মাহটো
বছৰৰ দ্বিতীয়টো মাহৰ নামেই হ’ল ফেব্ৰুৱাৰী মাহ । এই নামটোৰ ওপৰত বহুত ধৰণৰ মত থকা দেখা পোৱা যায় ।
১) ইংৰাজীত এই মাহক ছোলমোনাথ ( কাদাৰ মাহ ) বা কেলমোনাথ ( বাধা নিষেধ মাহ ) বোলা হৈছিল ।
২) ফিনিছ ভাষাত এই মাহক হেলমিকু বা মুক্তাৰ মাহ বোলা হয়। শীতৰ দেশত এই মাহত বৰফ গলি পাতত বিন্দু বিন্দু নিয়ৰ সৰে । ৰাতি এই নিয়ৰবোৰ ঠাণ্ডাত গোট মাৰি মুক্তাৰ দৰে হয় বাবে এই নাম হয় ।
৩) পলিছ ভাষাত এই মাহৰ নাম লোটি বা বৰফৰ মাহ।
৪) মেকডুনিয়াত ফেব্ৰুৱাৰীক ছেচকো বা কাঠ কটাৰ মাহ বোলে ।
৫) ক্ৰোয়েছিয়াত এই মাহক ভেলজাকা বোলে ।প্ৰতি ৪বছৰৰ অন্তত এই মাহত দিনৰ সংখ্যা এক বাঢ়ে বাবে ভেলজাকা বোলে ।
গ্ৰেগৰিয়ান আৰু জুলিয়ান পঞ্জিকা অনুসৰি ফেব্ৰুৱাৰী মাহ বছৰৰ দ্বিতীয় মাহ ।অন্যহাতে এই মাহৰ বিশেষ তাতপৰ্য হৈছে ই বছৰৰ সকলোতকৈ চুটি মাহ আৰু একমাত্ৰ মাহ যাৰ দিনৰ সংখ্যা ত্ৰিশতকৈ কম । অধিবৰ্ষত ই ২৯ দিনীয়া হয় ।
উত্তৰ গোলাৰ্দ্ধত ই শীতৰ তৃতীয় মাহ আকৌ দক্ষিণ গোলাৰ্দ্ধত গ্ৰীষ্মৰ তৃতীয় মাহ । উত্তৰ গোলাৰ্দ্ধত ই আগষ্ট মাহৰ সমতুল্য ।
সাধাৰণতে প্ৰতি বছৰতে ফেব্ৰুৱাৰী , মাৰ্চ আৰু নৱেম্বৰ মাহৰ প্ৰথম তাৰিখ একে বাৰতেই হয় | সেইদৰে বছৰত ফেব্ৰুৱাৰী মাহ , জানুৱাৰী আৰু অক্টোবৰ মাহৰ শেষ দিন একেই বাৰতেই হয় । অধিবৰ্ষত কিন্তু ফেব্ৰুৱাৰী আৰু আগষ্ট মাহ একেবাৰতে আৰম্ভ হয় । এই ফেব্ৰুৱাৰী মাহৰ আমোদ জনক দিশটো হৈছে ই ২৮ / ২৯ দিনীয়া যিয়েই নহও কিয় ফেব্ৰুৱাৰী মাহৰ শেষৰ দিন যিবাৰত হয় অক্টোবৰৰ শেষৰ দিন সেই একেই দিনতেই হয় ।
এতিয়া আহো ফেব্ৰুৱাৰী মাহৰ দিৱস সমূহৰ বিষয়ে।
১়) অন্ধকাৰ ইতিহাসৰ মাহ : আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডা ।
২) জাতীয় পখি -খাদ্য দান মাহ : আমেৰিকা যুক্তৰাষ্ট্ৰ ।
৩) ৪ ফেব্ৰুৱাৰী : স্বাধীনতা দিৱস শ্ৰীলংকা ।
৪) ১২ ফেব্ৰুৱাৰী : আব্ৰাহাম লিংকনৰ জন্মদিন ।
৫) ১৪ ফেব্ৰুৱাৰী : ভেলেণ্টাইন দে /দিৱস।
৬) ১৫ ফেব্ৰুৱাৰী : পতাকা দিৱস ।
৭়়) ২১ ফেব্ৰুৱাৰী : আন্তৰ্জাতিক মাতৃভাষা দিৱস ।
৮) ২২ ফেব্ৰুৱাৰী : স্বাধীনতা দিৱস ( ছেণ্ট লুছিয়া )
৯) ২২ ফেব্ৰুৱাৰী :
জৰ্জ ৱাচিংটনৰ জন্ম দিন
১০) ২৪ ফেব্ৰুৱাৰী :
স্বাধীনতা দিৱস (এষ্টোনিয়া )
১১) ২৪ ফেব্ৰুৱাৰী : পতাকা দিৱস ( মেক্সিকো)।
১২) ২৪ ফেব্ৰুৱাৰী : কেন্দ্ৰীয় আৱকাৰী দিৱস
১৩) ২৬ ফেব্ৰুৱাৰী : বিজয় দিৱস (কুয়েট )
১৪) তৃতীয় সোমবাৰ : পৰিয়াল দিৱস (কানাডা)
১৫) দ্বিতীয় ৰবিবাৰ : বিশ্ব পৰিণয় দিৱস |
তাৰোপৰি এই মাহতে বহুকেইজন বিশিষ্ট অসমীয়া ব্যক্তিৰ জন্মও হৈছিল | সেই সকলৰ ভিতৰৰে কেইজন মানৰ নামহে উল্লেখ কৰিছো ।
১) ২ ফেব্ৰুৱাৰী : লক্ষ্য হীৰা দাসদেৱৰ।
২) ১১ ফেব্ৰুৱাৰী: নগেন শইকীয়া দেৱৰ ।
৩) ২০ ফেব্ৰুৱাৰী : ভৱেন্দ্ৰ নাথ শইকীয়া দেৱৰ ।
৪) ২২ ফেব্ৰুৱাৰী : ইছমাইল হুছেইন দেৱৰ
আজি ফেব্ৰুৱাৰী মাহৰ বিষয়ে ইমানকে জনালো। পাছত বাৰু বহলাই আৰু লিখিম দেই।
মঞ্জুষা শৰ্মা
তিতাবৰ