ফুল
শ্ৰী বিৰাজ দত্ত,
ষষ্ঠ শ্ৰেণী
গোলাপ, তগৰ, নাৰ্জী, শেৱালি
নানা ধৰণৰ,
বাগিছা শুৱনি কৰি ৰাখে ফুলে
নানা বৰণৰ।
শুই উঠিয়েই বাগিছাত ফুলবোৰ দেখিলে
মনটো ভাল লাগি যায়,
মাজে মাজে মই আপোন পাহনা হওঁ
সিহঁতৰ নাচোন চায়।
বতাহত যেতিয়া ফুলবোৰে
হালি-জালি নাচে,
পখিলাবোৰেও উলাহতে
মৌ পান কৰে।
ফুলবোৰ পূজা পাৰ্বনত
অঞ্জলি হিচাপে দিয়ে,
মৰহি যোৱা ফুলবোৰ দেখিলে
মোৰ মনটো বেয়া লাগে।
কেতিয়াবা মই ফুলনিলৈ চায়
ভাবুক হৈ পৰো,
ইয়াতকৈনো ধুনীয়া বস্তু
জগতত আছেনে বাৰু ?