ফুলৰ ৰাণী কৃষ্ণচূড়া
কমলেশ কাঞ্চন
প্ৰকৃতিয়ে আজি ৰঙা মেখেলা পিন্ধিছে।
বছা বছা ফুলৰে সৈতে
দক্ষতা প্ৰকাশ পাইছে শিপিনীৰ।
প্ৰকৃতিৰ দক্ষ শিপিনী কৃষ্ণচূড়া। কৃষ্ণচূড়াই আজি
ৰঙীন কৰিছে ৰাংঢালী গাভৰুৰ মন। জেঠমহীয়া
ৰ’দত আকাশত উৰিছে কৃষ্ণচূড়াৰ ৰঙা ফুলৰ পাহি।
মইনা চৰাইটিয়ে পাতৰ
আঁৰত লুকাই লুকাই মোলৈ চাইছে। মই দেখিছোঁ।
তাই আজিও গান গাৱ। প্ৰকৃতিৰ বুকু জীপাল
কৰা অমৰ প্ৰেমৰ গান॥
