ফাষ্টফুডে হেৰুৱালে যেন  পিঠাৰ মাদকতা – সুনম বিশ্বাস

ফাষ্টফুডে হেৰুৱালে যেন  পিঠাৰ মাদকতা

সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ

খোৱা-বোৱা,পিন্ধন-উৰণ, ৰহন-চহন, ইতাদিবোৰেই আমাৰ সংস্কৃতি।খাদ্যসম্ভাৰত অসম ৰাজ্য জাকত জিলিকা। স্বকীয় থলুৱা খাদ্যাভাসে দেশ-বিদেশতো আদৰ পাইছে। ই আমাৰ সংস্কৃতিৰ প্রাণ। বিহু যদি আমাৰ প্ৰাণবায়ু,  পিঠা  আমাৰ হৃৎপিণ্ড সদৃশ। ইয়াৰ অবিহনে বিহু আধৰুৱা। তাহানিৰ পৰাই খাদ্যসম্ভাৰত এক উচ্চস্থান অধিগ্ৰহণ কৰি আছে অসমে।কিন্তু সাম্প্রতিক আধুনিকতাৰ প্ৰবাল সোঁতে চাৰিওফালে ত্ৰাসৰ সৃষ্টি কৰিছে।খোৱা-বোৱাৰ পৰা আদি কৰি  সকলো ক্ষেত্ৰতে। খোৱাৰ ক্ষেত্ৰত আজিকালিৰ সন্তানে আমাৰ খলুৱা খাদ্যৰ আমেজ কি নুবুজে।আনকি খাদ্যৰ নামো নাজানে।বর্তমান  ৰেষ্টুৰেন্টৰ চ’ৰা শুৱনি কৰা ৰোল, চাওমিন, বাৰ্গাৰ, চিকেন ফ্ৰাই , পাস্তা, বিৰিয়ানী, ম’ম, ফ্ৰাইড ৰাইছ  ইতাদিৰ নাম ওঁঠৰ আগত।এইবোৰৰ জুতি লৈ পিঠাৰ সোৱাদ জিভাত নালাগে।বিভিন্ন ফ্লেভাৰৰ আইচ ক্ৰীমবোৰ খাই লাৰুৰ সোৱাদ যেন আউটডেট।গতিকে, এনেকৈ নিজৰ স্বকীয়তা খৰ্ব কৰি অকল আধুনিক হৈ যোৱাটো আমাৰ সংস্কৃতি পৰম্পৰাত প্ৰভাৱ পেলোৱা নাই নে? নোৱাৰে নে সন্তানক থলুৱা সংস্কৃতিৰ জ্ঞান? ডাঙৰ -ডাঙৰ ৰেষ্টুৰেণ্টত পশ্চিমীয়া খাদ্যসম্ভাৰৰ পৰিৱর্তে  স্বকীয় অস্তিত্ব বজাই ৰাখিবলৈ এতিয়াৰ পৰাই সাৱধানতা অৱলম্বন কৰিবলগীয়া হ’ল ! নহ’লে এসময়ত অসমৰ সাৰুৱা সংস্কৃতিৰ পথাৰখন চৰণীয়া পথাৰলৈ পৰিণত হ’ব গৈ।