ফাগুন আৰু তই
মৃদুলা বৰুৱা
ফাগুনৰ বতৰত
তোলৈ বৰকৈ মনত পৰে
এই ফাগুনৰ বতৰতেই যে
তই সিঁচি দিছিলি
মোৰ হৃদয়ত পলাশৰ ৰঙা বোৰ।
সৰা পাতেও আজি
তোৰেই কথাকে কয়
ফাগুনৰ লঠঙা গছবোৰ দেখি
মোৰ বুকুত তেজৰ কৰাল বান্ধে ,
নাজানো ফাগুনৰ বলিয়া বতাহজাকে
তোৰ কলিজাত ভুমুকি মাৰেনে নাই ।
মোৰ বাবে ফাগুনৰ
এক ব্যতিক্ৰমি সৌন্দৰ্য আছে
ফাগুনৰ কোৱাল বতাহজাক
তোৰে মোৰে প্ৰেমৰ সাক্ষী,
এই ধূলময় ফাগুনতেই
তই আৰু মই হাতত হাত থৈ
মৌন ওঠৰ ৰস পান কৰিছিলোঁ
য’ত তোৰ মোৰ সপোনবোৰে
পোখা মেলিছিল
কিন্তু আজি ফাগুন মাথোঁ
অভিমানী হৈ ৰ’ল
আৰু তই অচিনাকি…..