ফাগুণ
তেজৰঙা মদাৰ , শিমলুৰে
চৌপাশ এতিয়া বিনন্দীয়া …
নহ’বই বা কিয় ?
এয়াইতো ফাগুণৰ বতৰা ।
তুমি যে কৈছিলা ,
ফাগুণ হেনো তোমাৰ বৰ প্ৰিয়
মনত আছেনে ?
মৃদু সমীৰৰ বতাহজাকে জানোঁ আমাৰ মাজত
প্ৰণয়ৰ বা বলোৱা নাছিল ?
সেয়ে হয়তো এতিয়া মোৰাে ফাগুণ ভাল লাগে
তোমাৰ দৰেই ।
শুষ্কতাৰ ধূলিয়ৰি আৱৰণৰ মাজতো
চৌপাশে সেন্দুৰীয়া আবিৰ ,
মনবোৰ চঞ্চল
তথাপিও ফাগুণ ভালপোৱাৰ এসোপা আৱেগ গভীৰ ।
ফাগুণ হেনাে নতুনত্বৰ প্ৰেমিক
ফাগুণতেই চলে বৰষাক আদৰাৰ আখৰা ,
তুমি তুমি লগা ফাগুণৰ
প্ৰতিটো অনুভৱেই যে সুকীয়া ।
ফাগুণৰ দৰেই তুমিও বাউলী
মেঘালী চুলি মেলি
চৌপাশ ভ্ৰমি ফুৰাৰ কিমান যে প্ৰস্ত্ততি ।
লুইতো এতিয়া চৰ – চাপৰিৰে ভৰা
কঁহুৱা তুলা উৰা চাই মন হয় আপোন পাহৰা ।
ছিলাবোৰো ৰঙচঙীয়া
এমুঠি আশাৰে দিগন্ত চোৱাৰ কল্পনা ।
ফাগুণ তুমি
প্ৰণয়ৰ এটি মিঠা সুহুৰি
তুমিয়েই প্ৰেমৰ ৰাগিনী ।
ফাগুণ তুমি মিঠা প্ৰণয়ৰ বতাহ
ফাগুণ তুমি মিঠা আলাপৰ হেঁপাহ ।
শ্ৰী পাৰ্থ প্ৰতিম শইকীয়া
বি.এ. তৃতীয় ষান্মাষিক
ইংৰাজী বিভাগ
নন্দনাথ শইকীয়া মহাবিদ্যালয়